“শাওনৰ সেউজীয়া মৰম” – প্ৰসেনজিৎ গোস্বামী

pc Times Now

শাওনৰ সেউজীয়া মৰম

প্ৰসেনজিৎ গোস্বামী

পথাৰখনত ইমান সেউজীয়া

কেনেকৈ ধৰিলা শাওন ?

মৃদুভাৱে কোবাই যোৱা বতাহে ক’লে

সেউজীয়াবোৰ ধৰিবলৈ শস্য লাগে

শস্য ধৰিবলৈ পথাৰ

পথাৰ ধৰিবলৈ মানুহ লাগে।

মানুহ ধৰিবলৈ মৰম

মৰম ধৰিবলৈ এটা মন লাগে।

মন ধৰিবলৈ এখন হৃদয়

তোমাৰো হৃদ.খন হওঁক

শাওনৰ পথাৰৰ দৰে

উপচি পৰক মৰমবোৰ

মোলৈ সেউজীয়া হৈ