শব্দ- মৃগাংক বৰুৱা

Pc- Pinterest

শব্দ

শব্দই—
বুকুত মৰমৰ দলং সাজে
যত, চেনেহৰ বটবৃক্ষই পোখা মেলে
তেনে সুৰীয়া শব্দৰেই
আয়ে নিচুকাইছিল
তেনে সুৰীয়া শব্দৰেই শিকালে
জীৱনক ভাল পাবলৈ
গভীৰ-সুগভীৰ ভাবে…..
(২)
শব্দ–
তাঁত শালত আইৰ দুভৰী নচাৰ
যেন ভৰ দুপৰৰ নিস্তব্ধতা ভাঙি
এটি মিঠা বাঁহীৰ সুৰ—
(৩)
স্মৃতিকাতৰ ৰিং এটিৰ শব্দত
সময়বোৰ কঁপিছে
এৰি অহাৰ লৰালিৰত তোমাৰ মিঠা মাতটি ভাঁহিছে
হঠাৎ, উচুপনি এটাৰ শব্দত নীৰৱতা ভাগিছে
(৪)
মাত কথাৰ শব্দই
কেতিয়াবা বুকুত শেলে বিন্ধাদিও বিন্ধিব পাৰে
স্বপ্ন হেৰাব পাৰে দুঃস্বপ্নৰ গলিত
তেতিয়াই জীয়াই থকাৰ উৰ্বৰতা হেৰুৱাই
এখন হৃদয়ৰ পৰা আনখন হৃদয়
ক্ৰমশঃ চন পৰি ৰৈ যাবও পাৰে—

মৃগাংক বৰুৱা
গোলাঘাট