শব্দ – মানসী মিশ্ৰ

Pc Pinterest

শব্দ

শব্দ বোৰে ভিৰ কৰে
মনৰ কোঠালী ত ধুমুহাৰ গতিৰে,সেই পাৰ হৈ যোৱা ধুমুহা জাক ৰ দৰে
হয়তো তাৰ নামেই শব্দ ,মোৰ বাবে…
অনুভৱ ,এমোকোৰা হাঁহি ৰ দৰে
এক শিহৰণ,শব্দ মানে হয়তো
চোকা তৰোৱাল ,যিয়ে মোৰ কান্দোন বোৰ ৰুধিব
নোৱাৰে ,মাথো অগাদেৱা কৰে
মোৰ মনৰ কোঠালীয়েদি
তুমি অহা বাটটোৰ ইটাৰে সিপাৰে
শব্দ .. সচাঁকৈয়ে শব্দ ..
তুমি মোৰ বাবে অনুভৱী শিহৰণ
যতমোৰ হৃদয় ৰ উত্তাপ বোৰে
নীলা আকাশৰ সতে উমলিব খোজে।

মানসী মিশ্ৰ