শংকৰ-আজান নে শংকৰ- মাধৱ?-ফখৰুদ্দিন আহমেদ

Pc-Flickr

শংকৰ-আজান নে শংকৰ- মাধৱ?
~~~~~~

ফখৰুদ্দিন আহমেদ

অসমৰ ৰাজনীতিত ওপৰোক্ত শিৰোনামৰ যুটি দুটিৰ ক্ষেত্ৰত কিছুমানে প্ৰথম যুটিটোক প্ৰকাশ্যভাবেই নস্যাৎ কৰিবলৈ উঠি পৰি লাগিছে।আজান ফকিৰ চাহেবক বাগদাদী আৰু বহিৰাগত বুলিও আখ্যায়িত কৰা দৃষ্টিগোচৰ হৈছে।এয়া অসমীয়া সমাজ জীৱনৰ বাবে নহয় ৰাজনীতিৰ ক্ষেত্ৰখনিতহে পানী ঘোলা কৰাৰ পৰিবেশ ৰচনা কৰা হৈছে । যাৰ দ্বাৰা ৰাইজৰ কোনো উপকাৰ নহয় , অপকাৰ হ’ব পাৰে। ৰাজনৈতিক দলবোৰে ভোটাৰক “যেন তেন প্ৰকাৰেন” মতিভ্ৰষ্ট কৰাৰ এটি আগতীয়া আঁচনিৰ নামান্তৰহে মাথোন।
সংস্কৃতিবান অসমীয়া সমাজ জীৱনৰ বাবে দুয়োটি যুটিয়ে একে সমানেই সকলো সময়তে সন্মানীয় আৰু আদৰনীয় হৈ থাকিব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ মহামিলনক “মনিকাঞ্চন সংযোগ” আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰ চাহেবৰ মহামিলনক ” সম্প্ৰীতিৰ সংযোগ” বুলি ইতিমধ্যে আখ্যায়িত কৰা হৈছে। অসমৰ সমাজ জীৱনত “মনিকাঞ্চন আৰু সম্প্ৰীতিৰ সংযোগ” ৰ একে সমানেই গুৰুত্ব আছে আৰু থাকিব।
মনকৰিবলগা কথা এটি দাঙি ধৰাৰ লোভ সামৰিব নোৱাৰিলো। অসমৰ সমাজ জীৱনৰ কান্ডাৰী , সাহিত্য সংস্কৃতিৰ বাহক শ্ৰীমন্ত শংকৰদেৱ কোচবিহাৰৰ মধুপুৰলৈ গুছি যাবলগা হৈছিল স্বধৰ্মীয় আহোম ৰজাৰ চাওদাং সকলৰ মানসিক নিৰ্যাতনৰ বলী হৈহে। ৰাজনীতিৰ পাশাখেলত হাৰি হাৰি জিকি গৈছিল মহাপুৰুষ জনা। চাওদাঙৰ হাতত মহাপুৰুষ জনাৰ জোৱায়েক আৰু মহাপুৰুষ মাধৱদেৱ কৰায়ত্ব হোৱাৰ পিছত হৃদয়হীন চাওদাঙে প্ৰশ্ন কৰিছিল যে পৰিয়ালত কোন কোন আছে? তেতিয়া মহাপুৰুষ শংকৰদেৱৰ জোৱায়েকে কৈছিল যে তেখেত বিয়া হৈছে আৰু সন্তান আছে আৰু মহাপুৰুষ শ্ৰীমন্ত মাধবদেৱে কৈছিল যে তেখেত বিয়া হোৱা নাই।তেতিয়া চাওদাঙহ’তে অট্টহাস্য কৰি সিদ্ধান্ত দিছিল যে কান্দোতা থাকোতা জনক বধ কৰিব লাগে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জোৱায়েকক বধ কৰিছিল আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক কান্দোতা নাই বুলি মুকলি কৰি দিছিল। কি নিৰ্দয় পাশান আছিল সিহতৰ হৃদয়!
আনফালে আজান ফকিৰ চাহেবৰ জনপ্ৰিয়তাত শংকিত হৈ আহোম স্বৰ্গদেউৰ মুছলমান শাসন কৰ্তা ৰূপাই গৰিয়াই স্বৰ্গদেউক আজান ফকিৰ চাহেব মোগলৰ গুপ্তচৰ বুলি বিশ্বাস জন্মালে আৰু আহোম স্বৰ্গদেউৰ পৰা আজ্ঞা লৈ আজান ফকিৰ চাহেবৰ চকু কঢ়ালে। মানে আজান ফকিৰ চাহেবক চিৰদিনৰ বাবে অন্ধত্বতা প্ৰদান কৰিলে। পিছে অসমৰ ৰাইজে কাক আজিও শ্ৰদ্ধাৰে সোঁৱৰন কৰি আছে?সেই আহোমৰ ধেমধৰা চাওদাঙ আৰু ৰূপাই গৰীয়াক নে শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰক?
মূল্যবোধৰ ৰাজনীতিৰ লগত সময়ৰ কথা জৰিত হৈ নাথাকে। গনতন্ত্ৰত যেতিয়াই ৰাইজৰ উন্নয়নৰ ফালে পিঠি দি কেৱল শাসনৰ বাঘজৰী হাতত ৰখাই মূল উদ্দেশ্য হৈ পৰে তেতিয়াই ভোটাৰ ৰাইজক ধৰ্মীয় ভাবে ভাগ বটোৱাৰা কৰাতো বাধ্যতামূলক হৈ পৰে শাসকপক্ষৰ। যাতে হোজা ভোটাৰ সকলে ধৰ্মীয় গোড়ামীৰ আফিং সেৱন কৰি উন্মাদনাত মত্ত হৈ পৰে।
ধৰ্ম গ্ৰন্থ আৰু ধৰ্ম প্ৰচাৰক সকলে কেতিয়াও মানুহৰ মাজত প্ৰতিশ্ৰুতিৰ বন্যা বিয়পাই নিদিয়ে। যিটো কাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ , মহাপুৰুষাধৱদেব আৰু আজান ফকিৰ চাহেবে জীবিত অৱস্থাত কেতিয়াও কৰা নাছিল। এই মহান গুৰু সকলে অসমৰ জাতীয় জীৱনত ধৰ্ম, জাতি-ভেদ আৰু বৰ্ন-বৈষম্যক আতৰাই কি দৰে বৃহত্তৰ অসম আৰু অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিস্থাপিত কৰিব পাৰি তাৰেহে সাধনা কৰি গৈছিল।

ঐক্য , শান্তি আৰু সম্প্ৰীতিৰ ধ্বজ্বাবাহক এই সকল মহাপুৰুষ যুগে যুগে লাঞ্চিত , বঞ্চিত আৰু অপমানিত হৈ আহিছে। সময় ইয়াৰ একমাত্ৰ সাক্ষী।ধৈৰ্যৰ কাঠগড়াত উঠি এনে মহাপুৰুষ সকলে সকলো কালতেই মানবতাৰ বানী সমগ্ৰ পৃথিবীত বিয়পাই দিবলৈ সমৰ্থ হৈছে। হিংসা আৰু সাময়িক লাভালাভৰ অংকত ৰাজনীতিৰ ক্ষেত্ৰখনিত সকলো কথাই সম্ভব।
মন কৰিবলগা বিষয়টি হ’ল আজিৰ ৰাজনৈতিক ক্ষেত্ৰখনিত যিয়ে দপ দপাই আছে , কাইলৈ হয়তো সেইজন লেখতেই নাথাকিবগৈ। অসমত , ভাৰতত আৰু বিশ্বত এনে অলেখ নজিৰ আছে।
আমাৰ ৰাইজ সদায় শান্তি-সম্প্ৰীতিৰ জৰিয়তে ঐক্যবদ্ধ হৈ থাকিব লাগিব। হিন্দু, মুছলমান বা খ্ৰীষ্টান হিচাবে নহয় আমি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ , শ্ৰীমাধৱদেব আৰু আজান ফকিৰ চাহেবক অনুসৰন আৰু অনুকৰন কৰি ত্যাগ , সাধনা আৰু পৰিশ্ৰমৰ মাজেৰে এক বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত নিঃস্বাৰ্থ ভাবে অবদান আগবঢ়াবলৈ প্ৰতিনিয়ত সাজু থাকিব লাগিব।