লৰ্ডছ অনুস্থিত টেষ্টত অপেনিং পাৰ্টনাৰশ্বিপত সৰ্বাধিক ৰাণ সংগ্ৰহৰ জৰিয়তে অভিলেখ গঢ়ে ভাৰতে

Free Press Journal

ভাৰতে লৰ্ডছ অনুস্থিত টেষ্টত অপেনিং পাৰ্টনাৰশ্বিপত সৰ্বাধিক ৰাণ সংগ্ৰহৰ জৰিয়তে অভিলেখ গঢ়ে

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতীয় ক্ৰিকেট দলটোৱে ৪৭ বছৰত লৰ্ডছত অনুষ্ঠিত টেষ্টত তেওঁলোকৰ সৰ্বাধিক অপেনিং পাৰ্টনাৰশ্বিপত অভিলেখ গঢ়ে। ৰোহিত শৰ্মা আৰু কে. এল. ৰাহুলে ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ প্ৰথম দিনটোত ১২৬ ৰাণৰ জৰিয়তে অপেনিং পাৰ্টনাৰশ্বিপ শ্বেয়াৰ কৰে। উল্লেখ্য যে ১৯৭৪ চনৰ পিছত লৰ্ডছত অনুষ্ঠিত এই টেষ্টখনত অপেনিং পাৰ্টনাৰশ্বিপত প্ৰথম ১০০-তকৈ অধিক ৰাণ সংগ্ৰহ কৰে ভাৰতীয় দলটোৱে। সামগ্ৰিকভাৱে, লৰ্ডছত টেষ্টত ক্ৰিকেটত ই তৃতীয়খন খেল য’ত ভাৰতে প্ৰথম-উইকেটৰ পাৰ্টনাৰশ্বিপত ১০০-তকৈ অধিক ৰাণ সংগ্ৰহ কৰে।

(UD.)