লোভীয়া পো- নিতিষ্মান দাস

Pc Pexels

লোভীয়া পো

বহু বছৰৰ পূৰ্বে এখন ৰাজ্য আছিল। ৰাজ্যখনৰ নাম আছিল কিৰণপুৰ। সেই ৰাজ্যখন চালে চকুত লগা তথা শক্তিশালী আছিল। ৰাজ্যখনৰ প্ৰতিজন ৰণুৱা বলশালী আছিল। ৰাজ্যখন অৰ্থনৈতিক ভাৱেও চহকী আছিল। সিংহাসনত ৰজা আদিত্য সিংহ আছিল। ৰজা আদিত্য বীৰ, পৰাক্ৰমী, নিৰ্ভীক, দয়াবন তথা নিষ্ঠাবান ৰজা আছিল। ৰাজ্যখনৰ প্ৰজাসকলে তেওঁৰ পৰা ন্যায় পাইছিল। ৰজা আদিত্যই সকলো অভাৱ পূৰণ কৰিছিল আৰু সকলোৰে হৃদয় জিনিছিল। যুদ্ধৰ ক্ষেত্ৰটো তেওঁ আছিল পাকৈত। তেওঁ পাঁচজন ককাই ভাইৰ মাজত আছিল জ্যেষ্ঠ। তেওঁৰ পত্নী অৰ্থাৎ ৰাণী আছিল বিনাপাণি। তেওঁৰ চাৰিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। চাৰিজন পুত্ৰৰ মাজত আটাইতকৈ লোভীয়া আৰু অহংকাৰী আছিল প্ৰতাপ সিংহ। প্ৰতাপ সৰুৰে পৰা লোভীয়া স্বভাৱৰ। সি যি দেখে আৰু পছন্দ কৰে সেইটো তাৰেই কৰি ল’ব বিচাৰি, কোনোবাই বাধা দিলেই ভাবুকি দিয়ে। ইফালে বাকী কেইজন পুত্ৰ শান্ত আৰু সু-স্বভাৱৰ। প্ৰতাপ ডাঙৰ হ’ল আৰু তাৰ লোভ বাঢ়ি গ’ল। এদিন ৰজাৰ ওচৰলৈ এটা গোচৰ আহিল। ৰজা আদিত্যই সেই গোচৰটো ৰাজমন্ত্ৰীৰ সৈতে আলোচনা কৰি আছিল। গোচৰটো আছিল এজন ৰণুৱা ছদ্মবেশে ৰাজ্যৰ ৰণুৱাসকলৰ মাজত লুকাই আছে। সেইজন ৰণুৱা ৰূপে এজন গুপ্তচৰ আছিল। শত্ৰু ৰাজ্যৰ ৰজাই এই ৰাজ্যৰ গোপন তথ্য সংগ্ৰহ কৰিবলৈ পঠাইছিল। ৰজা মন্ত্ৰী সকলৰ লগত মন্ত্ৰনা কৰি গুপ্তচৰজনক বিচাৰি উলিয়াই কাৰাগাৰত বন্দী কৰিলে। সেই গুপ্তচৰজনৰ লগত ৰাজকোঁৱৰ প্ৰতাপৰ বন্ধুত্ব আছিল কিন্তু সেই কথা কোনেও নাজানে। শত্ৰু ৰাজ্য অৰ্থাৎ দুৰ্জনপুৰৰ ৰজাই সময়ৰ মতে বাৰ্তা নোপোৱাৰ বাবে চিন্তিত হৈ পৰিল আৰু মন্ত্ৰীক পৰিষদক উদ্দেশ্যি কলে – “মন্ত্ৰীসকল! মই বৰ চিন্তিত হৈছোঁ। কেইদিনমান পূৰ্বে মই ধনঞ্জয়ক আমাৰ শত্ৰু ৰাজ্যৰ গুপ্ত তথ্য সংগ্ৰহ কৰিবলৈ গুপ্তচৰ ৰূপে পঠাইছিলোঁ। নিতৌ নৱ নৱ তথ্য পঠাবলৈ কৈছিলোঁ। আজি কিছুদিন ধৰি ধননে কোনো বাৰ্তা পঠোৱা নাই। কিবা সংকটত পৰিছে নেকি বাৰু? মই বৰ অস্থিৰ হৈ পৰিছোঁ।”  তাৰেই এজন পৰিষদে ক’লে – “মহাৰাজ! মোৰ সন্দেহ হৈছে সি কিৰণপুৰৰ পক্ষ লৈছে।” আন এজনে কলে – “মহাৰাজ! অধৈৰ্য্য নহব। আমি ভবাৰ দৰে নহবও পাৰে। হয়তো তেওঁ তথ্য সংগ্ৰহ কৰাত ব্যস্ত হৈ আছে।”  এনেতে এজন প্ৰহৰী আহি জনাই যে গুপ্তচৰ ধনঞ্জয় ধৰা পৰিল আৰু বন্দী হৈ আছে। এই বাৰ্তা পাই ৰজা চিন্তিত আৰু ক্ৰোধান্বিত হৈ পৰিল আৰু ধনঞ্জয় কি দৰে মুক্ত কৰিব পাৰে তাৰ আলোচনা কৰিলে। মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি শত্ৰু ৰাজ্য আক্ৰমণ কৰাৰ সিন্ধান্ত লয়। ইফালে ৰাজকোঁৱৰ প্ৰতাপে বন্ধু ধনঞ্জয়ক কেইবাদিনো লগ নাপাই ৰাজ্যৰ চাৰিওফালে বিচাৰি ফুৰিলে। ইতিমধ্যে তেওঁৰ পিতৃ আদিত্য সিংহয়ে কাৰাগাৰত বন্দী কৰি থৈছে। এই কথা শুনি সি তৎক্ষণাত কাৰাগাৰলৈ প্ৰস্থান কৰে তাৰ বন্ধুক লগ কৰিবলৈ। কাৰাগাৰৰ দ্বাৰ ৰখীয়াই বাধা দি ক’লে – “ৰজাৰ অনুমতি অবিহনে যাবলৈ দিয়া নহব। সি ক্ৰোধান্বিত হৈ তাক মৃত্যুৰ ভাবুকি দিয়ে আৰু ভিতৰলৈ প্ৰৱেশ কৰে। প্ৰতাপে ধনঞ্জয়ক লগ পাই সাৱটি ধৰে আৰু সোধে – “বন্ধু ধনঞ্জয়! তোমাক কিয় এনেদৰে বন্দী কৰি থৈছে?”   ধনঞ্জয়ে তাক দেখা পাই আনন্দিত আৰু আচৰিটো হৈ পৰে। সি কিছু সময় কিবা ভাবিবলৈ ধৰে। তাৰ মনত এটা কুট বুদ্ধি আহে। প্ৰতাপে উত্তৰ নাপাই পুনৰ সুধিলে – “কোৱা বন্ধু কি হ’ল তোমাৰ?”   ধনঞ্জয়ে কলে – “বন্ধু প্ৰতাপ! তোমাৰ দেউতা মিছলীয়া। মোক বিশ্বাস কৰা তেওঁৰ যত ধন আছে সকলো কলা ধন। তেওঁ বৰ নিৰ্দয় আৰু নিষ্ঠুৰ তুমি নাজানা। তেওঁক মই ভালকৈ জানো। তেওঁৰ সিংহাসনৰ অধিকাৰী তুমি, আৰু তুমিহে ৰজাৰ যোগ্য।”  প্ৰতাপে হাঁহি মাৰি কলে – “মই সিংহাসনত প্ৰতাপ সিংহ ৰূপে! কি যে আনন্দ পাম। মই এই ৰাজ্যৰ ৰজা ৰূপে। বন্ধু এয়া সম্ভৱনে বাৰু?”  ধনঞ্জয় এই উত্তৰটোৰ বাবেই ৰৈ আছিল – “নিশ্চয় সম্ভৱ বন্ধু। তুমি সিংহাসনখন দখল কৰিব পাৰিবা যদিহে মোৰ কথাৰ মতে কাম কৰা।”   প্ৰতাপে এই কথা শুনি দেখিলে কেৱল ৰজা হোৱাৰ সপোন। তাৰ সচাকৈয়ে সিংহাসনৰ লোভ আছিল। তাতেই ধনঞ্জয়ক পাই তাৰ দুগুণে উৎসাহ বাঢ়িল। দুয়ো বন্ধুৱে এটি ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিলে। তেওঁলোক দুয়োৰে কথা বতৰাবোৰ প্ৰতাপে ভাবুকি দিয়া প্ৰহৰীটোৱে শুনি আছিল কিন্তু ভয়তে ৰজাক কোৱাৰ সাহস নকৰিলে। সি কথাটো মনতে গোপনে ৰাখি থয়। কেইদিনমান পাৰ হ’ল দুৰ্জনপুৰে কিৰণপুৰক আক্ৰমণ কৰিলে। দুয়ো ৰাজ্যৰ মাজত মহাৰণ আৰম্ভ হ’ল। এই ৰাজ্যৰ গোপন তথ্যবোৰ প্ৰতাপে ধনঞ্জয়ক সকলো জনালে। এনেকৈ সি কাৰাগাৰত থাকিও নিজ ৰাজ্যলৈ তথ্য পঠাই থাকিল। প্ৰতাপে যেন মূৰ্খৰ দৰে কাম কৰি গৈছে। সি অজানিতে এটা মহা ভুল কৰি আছে। যুদ্ধত আদিত্যৰ সেনা শত্ৰু সেনাৰ সন্মূখীন হব পৰা নাই। সেই ৰাজ্যৰ গুপ্ত তথ্যবোৰ জনাৰ বাবে আদিত্যৰ সেনা শত্ৰু সেনাৰ আগত লেহুকা হৈছে। ৰাজকুমাৰৰ এনে নিষ্ঠুৰতা দেখি সেই চন্তৰীজনে ৰাজকোঁৱৰৰ সেই নিষ্ঠুৰ পৰিকল্পনা ৰজাক কৈ দিয়ে। ৰজাই বৰ দুখ পাই। তেওঁৰ পুত্ৰ এনে জঘন্য মনৰো হব পাৰে। ৰজা আদিত্যই মিত্ৰ ৰাজ্যৰ ৰজাক বাৰ্তা পঠাই -“আমাৰ তথা আপোনালোকৰ শত্ৰু ৰাজ্য দুৰ্জনপুৰে আমাক আক্ৰমণ কৰিছে। গতিকে সহায়ৰ আশা কৰিলোঁ।” আমি সকলোৱে জানো যে শত্ৰুৰ শত্ৰু মিত্ৰ হয়। ৰজাই কোৱাৰ মতে সহায় পালে আৰু যুদ্ধত লাহে লাহে আদিত্যৰ সেনা সবল হৈ পৰিল আৰু যুদ্ধত জয় হ’ল। কেইদিনমান পাছত যুদ্ধত আদিত্যৰ সেনাই জয় লাভ কৰে। ৰজাই প্ৰতাপক মতাই আনিলে আৰু ক্ৰোধান্বিত হৈ কলে – “মোক তোৰ দৰে পুত্ৰৰ প্ৰয়োজন নাই। তই এনে জঘন্য কাম কেনেকৈ কৰিব পাৰ। তই মৃত্যু দণ্ডৰ যোগ্য; কিন্তু তই মোৰ পুত্ৰ হোৱাৰ বাবে মৃত্যু দণ্ডৰ পৰা ৰেহায় দিছোঁ। ইয়াৰ পৰিৱৰ্তে তই আজীৱন কাৰাগাৰত বন্দী হৈ থাকিব লাগিব। মই তোক আৰু তোৰ বন্ধু ধনঞ্জয়ক আজীৱন কাৰাদণ্ডৰ আদেশ দিছোঁ।”   ৰজাই ৰাজকোঁৱৰ প্ৰতাপক কাৰাগাৰলৈ নিক্ষেপ কৰিলে। প্ৰতাপে নিজৰ বিপদ নিজেই মাতি আনিলে। ইয়াকে কয় লোকলৈ বুলি হুল পুতি, নিজেই মৰে ফুটি।

নিতিষ্মান দাস