লেখিকা ৰূপালী মহন্তলৈ “ৰ’দ”ৰ সাহিত্য প্ৰেৰণা বঁটা

লেখিকা ৰূপালী মহন্তলৈ “ৰ’দ”ৰ সাহিত্য প্ৰেৰণা বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  তিনিমহীয়া আলোচনী ‘ৰদ’ৰ বৰ্ষপূৰ্তি উপলক্ষে যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম ভিত্তিত এখনি কবি সন্মিলন আৰু বঁটাপ্ৰদাণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।বিশ্বনাথ চাৰিআলিত ‘ৰদ’গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত দেৰগাৱঁৰ কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা লেখিকা ৰূপালী মহন্তক ৰ’দৰ সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হয়।গুণগত লেখাৰে ‘ৰদ’ৰ পৃষ্ঠা অলংকৃত কৰা আৰু সাহিত্য জগতলৈ যোগোৱা অৱদানৰ বাবে লেখিকা গৰাকীক এই সন্মান প্ৰদান কৰা হয়।ৰ’দৰ স্থায়ী সদস্য ৰ সন্মান পত্ৰ লাভ কৰা লেখিকাগৰাকীৰ এই সাফল্যত বিভিন্ন জনে তেওঁক অভিনন্দন জনাইছে।