লাহৰীঘাটৰ সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

PC. BBC

লাহৰীঘাটৰ সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

ইকবাল হুছেইন, মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছিল এক নাটকীয় হত্যাকাণ্ড । ২৬ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল ফাইজুৰ ৰহমান ওৰফে ৰাব্বুল নামৰ এগৰাকী কলেজীয়া ছাত্ৰ । প্ৰেমজনিত কাৰণত হত্যা কৰা হৈছিল ছাত্ৰ জনক । পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ছাত্ৰ গৰাকীৰ প্ৰেমিকাক গ্ৰেপ্তাৰ কৰি জেৰা চলাইছিল আৰু প্ৰেমিকাৰী স্বীকাৰুক্তিৰ ভিত্তিত আৰক্ষী আৰু S D R F বাহিনীয়ে‌ ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰৰ বাবে মৰিগাৱৰ পাটিদৈৱা দলংৰ তলত‌ অভিযান চলাইছিল । কিন্তু মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । পৰৱৰ্তী সময়ত ঘটনাৰ লগত জড়িত বাহনখন তেজপুৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল লাহৰীঘাট আৰক্ষীয়ে । মূল অভিযুক্ত আনিছুৰ ৰহমানে যোৱা নিশাৰ ভাগত মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে । আৰু অৱশেষত বহু অপেক্ষাৰ অন্ত পেলায় মূল অভিযুক্ত আনিছুৰ ৰহমানৰ স্বীকাৰুক্তিৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰ গৰাকীৰ মৃতদেহ । হাত ভৰি বান্ধি মেটেকাৰ তলতি লুকুৱাই থৈছিল মৃতদেহটো । লাহৰীঘাটৰ কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ মৃতদেহ উদ্ধাৰ। লাহৰীঘাটৰ পাতিদৈয়া বিলত উদ্ধাৰ হয় মৃতদেহটো। উল্লেখ্য যে,২৬ ফেব্ৰুৱাৰীৰ পৰা ছাত্ৰ জন নিৰুদ্দেশ হৈ আছিল। প্ৰেমিকা ৰাজানা আহমেদে ন-প্ৰেমিক আনিচুৰ ৰহমানৰ সৈতে মিলি প্ৰথমে অপৰহণ কৰি পিছত হত্যা কৰি পাতিদৈয়া দলঙৰ সমিপতে বিলত পেলাই থৈ গৈছিল।  মূল অভিযুক্ত আনিচুৰৰ স্বীকাৰোক্তিত উদ্ধাৰ কৰে মৃতদেহটো। হাত ভৰি বান্ধি মেটেকাৰ তলত লুকুৱাই থৈছিল মৃতদেহটো। প্ৰায় দহ দিন পিছত উদ্ধাৰ হ’ল মৃতদেহটো। মৃতদেহটো উদ্ধাৰ হোৱাত ৰাইজে উত্তেজিত হৈ জলাই দিয়ে প্রেমীকা ৰাজানা আহেমেদৰ বাহ গৃহ ৷