লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc-Reportr Door

লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অনলাইন বাৰ্ত্তাসেৱা– আজি টকিঅ’ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইক অসম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জনায়। অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ডি এছ পি পদত লাভলীনা বৰগোহাঁইক যোগদান কৰিবলৈ নিমন্ত্ৰণ দিয়ে। লগতে এই অনুষ্ঠানত লাভলীনালৈ আগবঢ়ালে ১ কোটি টকাৰ চেক, পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকা। ইয়াৰোপৰি গুৱাহাটী মহানগৰীত লাভলীনাৰ নামেৰে নামাকৰণ কৰা হ’ব এটা পথ। লাভলীনাক প্ৰশিক্ষণ কৰা চাৰিগৰাকী প্ৰশিক্ষকলৈয়ো অসম চৰকাৰে আগবঢ়ালে ১০ লাখকৈ টকা।

by Utpal Kalita