লাচিত বৰফুকনৰ নামত উত্‍সৰ্গা দেৰগাঁৱৰ অসম আৰক্ষী একাডেমী

Pc Facebook

লাচিত বৰফুকনৰ নামত উত্‍সৰ্গা দেৰগাঁৱৰ অসম আৰক্ষী একাডেমী

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীত অনুষ্ঠিত হোৱা বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ দ্বিতীয় দিনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰি লাচিত বৰফুকনৰ বীৰত্ব গাথাৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ উন্মোচন কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বাহক চেলেং চাদৰ, হেংদাং আৰু গামোচাৰে আদৰণি জনায়। মুখ্যমন্ত্ৰীয়ে আদৰণী ভাষণত বীৰ লাচিত বৰফুকনৰ গৌৰৱ গাথাৰ বৰ্ণনা কৰাৰ লগতে উত্তৰ-পূব ভাৰতত ইছলামী শাসকৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাই বিজয় সাব্যস্ত নকৰিলে আজি ম্যানমাৰকে ধৰি উত্তৰ-পূবৰ সাংস্কৃতিক নক্সাই সলনি হৈ পৰিলেহেঁতেন।লাচিত জয়ন্তী উপলক্ষে মুকলি কৰা প’ৰ্টেলত এতিয়ালৈ ৩৮ লাখ লোকে লাচিতৰ বিষয়ে ৰচনা লিখাৰ কথা প্ৰকাশ কৰি কয় যে লাচিত বৰফুকনে দ্বিতীয়বাৰৰ বাবে বৃহত্তৰ অসমীয়া সমাজক একত্ৰিত কৰিছে। এই সভাতে মুখ্যমন্ত্ৰীয়ে দেৰগাঁওস্থিত অসম আৰক্ষী একাডেমীখন লাচিত বৰফুকনৰ নামত উত্‍সৰ্গা কৰাৰ কথা ঘোষণা কৰে। ৰাজ্য চৰকাৰে ইয়াৰ লগতে ৰাষ্ট্ৰীয় পুলিচ একাডেমী হায়দৰাবাদত বীৰ লাচিতৰ নামত এক স্মাৰক ভৱন নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণৰ বিষয়ে জনায়। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি ভাষণত উল্লেখ কৰে যে লাচিত বৰফুকনৰ দৰে বীৰ যদি সেই সময়ত নাথাকিলেহেঁতেন, তেন্তে আজি উত্তৰ-পূব হয়তো ভাৰতৰ অংগ নহ’লহেঁতেন। বৰফুকনৰ প্ৰচেষ্টাই অকল অসম বা উত্তৰ-পূবকেই নহয় দক্ষিণ এছিয়াক ধৰ্মীয় আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছে। লাচিত বৰফুকনৰ পৰাক্ৰমৰ উপকাৰিতা গোটই ভাৰতত, সংস্কৃতিত আৰু সভ্যতাত আছে। লগতে তেওঁ কয় যে যি জাতিৰ দেশৰ গৌৰৱময় ইতিহাসক লৈ উপলব্ধি নাথাকে, সেই জাতিয়ে নিজৰ ভৱিষ্যত্‍ কেতিয়াও সোণালী কৰিব নোৱাৰে। গৃহমন্ত্ৰীগৰাকীয়ে বীৰপুৰুষ লাচিত বৰফুকন গৰিমা উত্তৰ-পূবৰ পৰা দেশলৈ প্ৰচাৰ-প্ৰসাৰৰ বাবে লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।