লাচিত দিৱস উৎযাপন

লাচিত দিৱস উৎযাপন

দেৱাশীষ গোস্বামী, নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা-  শৰাইঘাট ৰণৰ সেনাপতি , অসম গৌৰৱ তথা দেশৰ এগৰাকী মহান সেনা নায়ক বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উৎযাপনৰ অংশ স্বৰূপে ২৪ নৱেম্বৰ ২০২২ তাৰিখে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত পোতনি হালোৱাগাঁও আঞ্চলিক সমিতি আৰু পোতনি মোক্তাব স্কুলৰ শিক্ষক- শিক্ষয়ীত্ৰিৰ সহযোগত পোতনি মোক্তাব স্কুল প্ৰাঙ্গঁনত লাচিত দিৱস উৎযাপন কৰা হয় । লাচিত দিৱস উপলক্ষে অনুষ্ঠিত সভা খনত সভাপতিত্ব কৰে সদৌ অসম গৰিয়া – মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও দিলা সমিতিৰ সভাপতি জয়নুদ্দিন আহমেদে । উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক নজমূল হুছেইন , নগাঁও জিলা সমিতিৰ সম্পাদক জায়দুৰ ৰহমান, নগাঁও জিলাৰ সাংগঠনিক সম্পাদক মফিজুদ্দিন আহমেদ , জিলা সদস্য নুৰজামাল আলি , পোতনি আঞ্চলিকৰ সভাপতি জালাল আহমেদ আৰু সম্পাদক মতলিব হুছেইন , উক্ত সভাত মহাবীৰ লাচিতৰ প্ৰতিচ্ছবিত  বন্তি প্ৰজ্বলন কৰে পোতনি মোক্তাব স্কুলৰ প্ৰধান শিক্ষয়েত্ৰী ফুলমাই বৰাই। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ পোতনি আঞ্চলিক মহিলা কোষৰ সভানেত্ৰী আৰু সম্পাদকও সভাখনত উপস্থিত থাকে। উক্ত সভাত দেশৰ মহান সেনানায়ক জনৰ সাহসী কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰা হয় আৰু বীৰ জনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বলৈ উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সকলো জনসাধাৰণলৈ আহ্বান জনায় । সভাত উপস্থিত বিভিন্নজনে তেওঁলোকৰ সাৰুৱা বক্তব্য আগবঢ়ায়। লাচিত দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কন প্ৰদৰ্শনী আৰু কবিতা আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।