লণ্ডন, ডুবাই, অষ্ট্ৰেলিয়ালৈ ৰপ্তানি হ’ব নেমু

pc Tree2mydoor

অনলাইন বাৰ্ত্তাসেৱা – কল আৰু নেমুখেতি ৰেষ্টাচাৰ্ড ৱেডাৰ বেছড ক্রপ ইনুৰেন্স স্কীম (আৰু ডব্লিউ বি চি আই এছ) শস্য বীমা আঁচনিৰ অন্তর্গত। এই আঁচনিত অট’মেটিক ৱেডাৰ ষ্টেচন (এ.ডব্লিউ.এছ.)ৰ প্ৰয়োজন হয়। অসম চৰকাৰে স্কাইমেটৰ লগত মাহিলি তথ্য ক্ৰয় কৰাৰ বাবে যোগাযোগ কৰিছে আৰু এই ব্যৱস্থা হ’লে আৰ.ডব্লিউ. বি.চি.আই.এছ.ৰ অধীনত কল আৰু নেমু খেতি হোৱা উন্নয়ন খণ্ডসমূহত বীমা কৰিব পৰা যাব। এই মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনা সদনৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী ৩০১ নং দফাৰ অধীনত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াই ‘কলগছ, আৰু নেমুগছ বীমাকৰণ প্ৰসংগটো কৃষিমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰে। এই দুয়োজোপা গছৰ বীমাকৰণৰ ব্যৱস্থা কৰিবৰ বাবে তেওঁ বিভাগীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। ইয়াৰে উত্তৰ দি কৃষি মন্ত্ৰী অতুল বৰাই উল্লিখিত মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে এক লিখিত উত্তৰ দি কয় যে দেশত শস্য বীমা যোৱা ৩২ বছৰ আগৰে পৰা চলি আছে। তদানীন্তন ভাৰত চৰকাৰে প্ৰথমবাৰৰ বাবে ১৯৮৫ চনত এই আঁচনিখন সামগ্রিক শস্য বীমা আঁচনি নামেৰ মুকলি কৰিছিল। পাছত ১৯৯৭ চনত শস্য বীমা আঁচনি নামেৰে মুকলি কৰিছিল। ১৯৭৭ চনত এই আঁচনিখন পৰীক্ষামূলক শস্য বীমা আঁচনি, ২০০০ চনত পাইলট আঁচনি-বীজ শস্য বীমা, ২০০৩ চনত খেতিৰ উপাৰ্জনৰ শস্য বীমা আঁচনি, ২০০৭ চনত বতৰ আধাৰিত শস্য বীমা আঁচনি আৰু ২০১৩ চনত ৰাষ্ট্ৰীয় শস্য বীমা আঁচনি নামেৰে নামাংকিত কৰিছিল। মন্ত্ৰীগৰাকীয়ে আৰু সদৰী কৰে যে এই সকলোবোৰ আঁচনিৰ প্ৰধান উদ্দেশ্যসমূহ সাৰোগত কৰি ২০১৬ চনত প্রধানমন্ত্রী ফচল বীমা যোজনা নামেৰে নতুনকৈ মুকলি কৰা হয়। ইয়াৰ লগে লগে খেতিৰ উপাৰ্জনৰ শস্য বীমা আঁচনিৰ বাদে সকলোকেইখন আঁচনি বন্ধ কৰি দিয়া হয়। বতৰ আধাৰিত শস্য বীমা আঁচনিখন বর্তমান পুনৰ সংগঠিত বতৰ আধাৰিত শস্য বীমা আঁচনি নামেৰে নামকৰণ কৰা হৈছে। ২০১৬ চনত ভাৰত চৰকাৰে পূৰ্বতে প্রচলিত দুখন আঁচনি ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি আৰু পৰিৱৰ্তিত ৰাষ্ট্ৰীয় কৃষি আঁচনিত থকা আসোঁৱাহবোৰ আঁতৰ কৰি প্ৰধানমন্ত্রী ফচল বীমা যোজনা আঁচনিখন মুকলি কৰে। এই আঁচনিখনৰ প্ৰসংগত মন্ত্রী বৰাই কয় যে আঁচনিখনৰ অধীনত খাৰিফশস্যৰ বীমাৰাশিৰ ২ শতাংশ আৰু ৰবিশস্য বীমাৰাশিৰ ১.৫ শতাংশ অনুপাতে প্রিমিয়ামৰ হাৰ ধাৰ্য কৰা হৈছে। এই ৰবিশস্যৰ প্রিমিয়ামৰ হাৰ তৈলবীজ জাতীয় শস্যৰ ক্ষেত্ৰটো প্রযোজ্য।

(UD.)