লক্ষ্য সেনৰ জাৰ্মান অপেন ২০২২ ৰ ছেমি ফাইনেলত প্ৰৱেশ 

pc hindustan times

লক্ষ্য সেনৰ জাৰ্মান অপেন ২০২২ ৰ ছেমি ফাইনেলত প্ৰৱেশ 

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেনে ৱেষ্টএনাৰ্জি স্পোৰ্টহেলেত পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেলত স্বদেশী এইচ এছ প্ৰণয়ক ২১-১৫, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি ২০২২ জাৰ্মান অপেনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। আন কোৱাৰ্টাৰ ফাইনেল খেলখনত শীৰ্ষ স্থান প্ৰাপ্ত ভিক্টৰ এক্সেলছেনে ভাৰতৰ কিদাম্বি শ্ৰীকান্তক ২১-১০, ২৩-২১ ব্যৱধানত পৰাস্ত কৰে। লক্ষ্যই ছেমি ফাইনেলত এক্সেলচেনৰ মুখামুখি হ’ব।