লকডাউন নহয়, কিন্তু কঠোৰ হ’ব নীতি-নিয়ম – কেশৱ মহন্ত

বাৰ্তাসেৱা – ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। এই কথা প্ৰকাশ কৰিছে নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
মহন্তই কয় যে কঠোৰ পদক্ষেপ লোৱা হ’ব নীতি-নিয়ম ক্ষেত্ৰত, কিন্ত লকডাউন নহয় সহজে।