লকডাউনৰ সলনি টিকাকৰণত দিয়া হ’ব অধিক গুৰুত্ব-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশত টিকাকৰণৰ গতিক লৈ উদ্বেগ প্ৰকাশ কৰে। দেশৰ ক’ৰ’না পৰিস্থিতি, হাস্পতালৰ বিচনা, অক্সিজেনৰ নাটনি তথা জনস্বাস্থ্যৰ সামগ্ৰিক ৰূপ সম্পৰ্কে অনুষ্ঠান এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে টিকাকৰণ পূৰ্ণগতিত অব্যাহত ৰখাত জোৰ দিয়ে। এই পৰ্যালোচলা বৈঠকৰ বিষয়ে প্ৰকাশ কৰি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে যে ‘প্ৰধানমন্ত্ৰী মোডীক দেশৰ ৪৫ বছৰৰ ঊৰ্ধ্বৰ ৩১ শতাংশ লোকক প্ৰতিষেধক প্ৰদানৰ কথা অৱগত কাৰ হয়। এই ৩১ শতাংশই কমেও এপালি প্ৰতিষেধক গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে টিকাকৰণৰ গতিবেগ যাতে হ্ৰাস নহয় তাৰ বাবে ৰাজ্যসমূহক অধিক সজাগ কৰি তোলাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। লকডাউনৰ পৰিৱৰ্তে নাগৰিকসকলক প্ৰতিষেধক প্ৰদান কৰা তথা টিকাকৰণৰে জড়িত স্বাস্থ্যকৰ্মীক আন দায়িত্বলৈ আঁতৰাই নিনিয়াৰ পক্ষেও তেওঁ মত পোষণ কৰে।’ উল্লেখ্য যে প্ৰতিষেধক উৎপাদনৰ দিশত অগ্ৰণী হোৱাৰ বাবে চিহ্নিত হোৱাৰ পাছতো ভাৰতত ১৩৬ কোটি লোকৰ ক্ষুদ্ৰ অংশকহে এতিয়ালৈ টিকাকৰণ কৰা সম্ভৱ হৈছে। বিভিন্ন ৰাজ্যই প্ৰতিষেধকৰ নাটনিক লৈ বিভিন্ন সময়ত আপত্তি দৰ্শাই আহিছে। এই পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰীয়ে অত্যাৱশ্যকীয় দৰবকে ধৰি অন্যান্য জৰুৰী চিকিৎসা সামগ্ৰীৰ যোগান তথা সুলভতা সন্দৰ্ভতো আলোচনা কৰে।