যৌতুকৰ বাবে হত্যা ন-বোৱাৰীক

যৌতুকৰ বাবে হত্যা ন-বোৱাৰীক।

টুকটুকী,ৰঙিলী বাৰ্ত্তা,১7জানুৱাৰী

কেইটিমান টকাৰ বাবে হত্যা কৰা হ’ল জুৰীয়াৰ পূৱ চতিয়ানৰ ন-বোৱাৰীক। হত্যাৰ অভিযোগ উঠিছে ভুক্তভোগী বোৱাৰী গৰাকীৰ স্বামী চাদ্দাম হুছেইন আৰু পৰিয়ালৰ বিৰুদ্ধে। প্ৰেমৰ সূত্ৰে বিয়াত বহিছিল চাদ্দাম আৰু মুকচিদাই। বিয়াৰ কিছুদিনৰ পৰাই টকা বিচাৰি মুকচিদাৰ পৰিয়ালক ব্যতিব্যস্ত কৰিবলৈ আৰম্ভ কৰিছিল নিচাসক্ত চাদ্দামে। যোৱা কালি ১৪ তাৰিখে পুৱাৰ ভাগত মুকচিদাই ঘৰলৈ ফোন কৰি স্বামীৰ ঘৰত কিবা কাজিয়া হৈ থকাৰ কথা জনাইছিল তাৰ এঘন্টাৰ পাছতেই পুনৰ ফোন আহে যে মুকচিদাই আত্মহত্যা কৰিছে। এই কথাত সন্দেহ কৰি মুকচিদাৰ পিতৃ জালালউদ্দিনে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি জুৰীয়া আৰক্ষী থানাত জোৱায়েক চাদ্দাম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰিছে।

আদিলুৰ ৰহমান
টুকটুকী
প্ৰতিবেদন