যোৱা দুমাহৰ ভিতৰত কোভিডৰ সংক্ৰমণৰ ফলত ভাৰতত ২৬৯ গৰাকী চিকিৎসকৰ মৃত্যুঃ ভাৰতীয় চিকিৎসা সংস্থা

বাৰ্ত্তাসেৱা – ভাৰতীয় চিকিৎসা সংস্থাই সদৰী কৰা মতে যোৱা দুটা মাহত ভাৰতত অতি মাৰাত্মক ৰূপ ধাৰণ কৰা এই সংক্ৰমণৰ ফলত ২৬৯ গৰাকী চিকিৎসকৰ বৰ্তমানলৈ মৃত্যু ঘটিছে। ৰাজ্য হিচাপত বিহাৰ আৰু উত্তৰ প্ৰদেশত কৰ’নাৰ দ্বাৰা সংক্রমিত হৈ সৰ্বাধিক চিকিৎসকৰ মৃত্যু ঘটে দ্বিতীয় লহৰত। সংস্থাৰ তথ্য অনুসৰি বিহাৰত ৭৮গৰাকী চিকিৎসকৰ মৃত্যু ঘটাৰ বিপৰীতে উত্তৰ প্ৰদেশত ৩৭ গৰাকী চিকিৎসকৰ মৃত্যু ঘটিছে। এই সংক্রমণে অতি গুৰুতৰ ৰূপ ধাৰণ কৰাত দিল্লীত ২৮জনকৈ চিকিৎসকৰ মৃত্যু ঘটে। উল্লেখ্য যে বিগত বৰ্ষত কৰনাৰ প্ৰথম লহৰত ভাৰতে ৭৪৮গৰাকী চিকিৎসকক হেৰুৱাব লগা হৈছিল কৰ’নাত সংক্ৰমিত হোৱাত।