যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত যোৰহাট জিলাত অহা ১১ ছেপ্টেম্বৰ, ২০২১তাৰিখে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

pc-latestnews

বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত, যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত যোৰহাট জিলাত অহা ১১ ছেপ্টেম্বৰ, ২০২১তাৰিখে ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হʼব। উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ন্যায়িক আদালত সমূহত আপোচযোগ্য বিভিন্ন গোচৰ যেনে ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাহিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী ন্যায়ধীকৰণৰ গোচৰ, চেক বাউন্স(cheque bounce) গোচৰ, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও বেংকৰ লেনদেন(ঋণ) সম্বন্ধীয় গোচৰ টেলিফোন বিলবিদুৎ মাচুল সম্পকীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে।ৰাইজৰ সুবিধাৰ্থে উক্ত গোচৰসমূহৰ আগতীয়া শুনানীৰো ব্যৱস্থা কৰা হৈছে। এনে ধৰণৰ শুনানি বা লোক আদালতৰ সুযোগ গ্ৰহণ কৰি যোৰহাট জিলাৰ জাননীপ্ৰাপ্ত লোকসকলে তলত দিয়া নম্বৰত যোগাযোগ কৰি নিষ্পত্তিৰ সুবিধা লব পাৰে। জাননী নাপালেও ইচ্ছুক ব্যক্তিয়ে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগৰ জৰিয়তে বিবাদ নিষ্পত্তিৰ সুবিধা লব পাৰিব। যোগাযোগৰ ঠিকনা- যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়, যোৰহাট জিলা ন্যায়িক আদালত প্ৰাংগন, দুৰভাষ-০৩৭৬-২৩০০১৬৮,৬৯০১২৮১৬৩৪, ই-মেইল আইডি- dlsa.jorhat@gmail.com সেয়েহে ১১ ছেপ্টেম্বৰ, ২০২১ তাৰিখে অনুষ্ঠিত হʼবলগীয়া ৰাষ্ট্ৰীয় লোক আদালতত সমূহ যোৰহাট জিলাবাসীৰ সহযোগিতা কামনা কৰা হʼল।