যোৰহাটত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেঁচা চাহ পাতৰ হঠাৎ হোৱা মূল্য হ্ৰাসৰ বাবে প্ৰতিবাদ

pc Deccan Herald

অনলাইন বাৰ্ত্তাসেৱা – ১০ জুনত কেঁচা চাহ পাতৰ মূল্য হঠাৎ হ্ৰাস হোৱাৰ বাবে যোৰহাটত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই (AASTGA) প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতীয় চাহ ব’ৰ্ড আৰু যোৰহাটৰ উপায়ুক্ত (ডিচি)ক এখন স্মাৰকপত্ৰ দাখিল কৰা হয় আৰু এই স্মাৰকপত্ৰখনৰ জৰিয়তে চাহ খেতিয়কসকলে কেঁচা সামগ্ৰীৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই। ‘AASTGA’ৰ সদস্যসকলে কৈছিল যে কেঁচা চাহ পাতৰ মূল্য হঠাতে হ্ৰাস হোৱাৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। জুন মাহৰ পৰা কেঁচা চাহ পাতৰ মূল্য ৪৫ টকাৰ পৰা ২৯ টকালৈ হ্ৰাস পায়।  সংগঠনটোৱে আৰু কৈছিল যে যদিও সৰু চাহ বাগিচাবোৰ কোভিড-১৯ মহামাৰীৰ দ্বাৰা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে, ২০২০ চনত মূল্য ৪০ টকাৰ পৰা ৪৫ টকালৈ হোৱা বৃদ্ধি য়ে কিছু অৱকাশ প্ৰদান কৰিছিল। অৱশ্যে, হঠাতে ১৬ টকা হ্ৰাস হোৱাটোৱে তেওঁলোকৰ ওপৰত এক ডাঙৰ আঘাতৰ সৃষ্টি কৰিছে।  ‘AASTGA’-য়ে কেঁচা পাতৰ মূল্য অতি সোনকালে ৪০ টকালৈ বঢ়োৱাৰ বাবে দাবী উত্থাপন কৰে, লগতে কয় যে স্থানীয় কাৰখানাবোৰে সঠিক নিয়ন্ত্ৰণ অবিহনে উপযুক্ত বুলি বিবেচনা কৰাৰ বাবে মূল্য হ্ৰাস কৰি আহিছে।
চাহ পৰিষদৰ সূত্ৰই স্পষ্ট কৰি দিছে যে এয়া যোগান আৰু চাহিদাৰ সৰল অংক। অত্যাধিক উৎপাদনৰ বাবে মূল্য হ্ৰাস পাইছে আৰু বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, মূল্য আৰু হ্ৰাস হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।