যোৰহাটত অভিযান্ত্ৰিক শিক্ষাৰ্থীক আক্ৰমণ কৰা তিনি দুৰ্বৃত্তক আটক যোৰহাট আৰক্ষীৰ

Pc Northeast Now

যোৰহাটত অভিযান্ত্ৰিক শিক্ষাৰ্থীক আক্ৰমণ কৰা তিনি দুৰ্বৃত্তক আটক যোৰহাট আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ তিনি অভিযান্ত্ৰিক শিক্ষাৰ্থীক মঙলবাৰে নিশা ৰাজপথেৰে এখন গাড়ীত গৈ থকা এটি উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। যোৰহাট আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই এই ঘটনাৰে জড়িত দুজনক মঙলবাৰে নিশাই আটক কৰাৰ পিছত মূল অভিযুক্ত সিদ্ধাৰ্থ বৰাক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ধৃত সিদ্ধাৰ্থৰ ঘৰ যোৰহাটৰ গোহাঁই টেকেলাত। ইয়াৰোপৰি, যুৱকৰ দলটোৱে ছাত্ৰকেইজনক আক্ৰমণ কৰোতে ব্যৱহাৰ কৰা চুৰিখন উদ্ধাৰৰ লগতে যুৱকৰ দলটোৰ পৰা এখন গাড়ীও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, এই ঘটনা মঙলবাৰে নিশা প্ৰায় ৯ বজাত যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টৰ সমীপৰ ৰাজপথত সংঘটিত হৈছিল। তীব্ৰ বেগত সিদ্ধাৰ্থ বৰাৰ দলটোৱে তীব্ৰ বেগত চলাই যোৱা গাড়ীখন ছাত্ৰকেইজনৰ কাষলৈ চপাই দি  খুন্দিয়াবলৈ চেষ্টা কৰিছিল। সেই সময়ত পথৰ কাষলৈ জপিয়াই নিজকে ৰক্ষা কৰা ছাত্ৰকেইজনে গাড়ীখনৰ নম্বৰপ্লেটৰ ফটো মোবাইলৰ কেমেৰাত আৱদ্ধ কৰিছিল। ইয়াৰ পিছতে গাড়ীখন তীব্ৰ বেগত উভতি গুছি যায় যদিও কিছু মুহূৰ্ত্তৰ পিছতে পুনৰ উভতি আহি গাড়ীখনত অহা যুৱকেইজনে ছাত্ৰকেইজনকউপৰ্যুপৰি আক্ৰমণ কৰে। জিষ্টৰ তিনিগৰাকী ছাত্ৰক হঠাৎ চুৰিৰে আক্ৰমণ কৰাত গুৰুতৰ ভাবে আহত হয় ছাত্ৰকেইজন। ভুক্তভোগী ছাত্ৰকেইজনে জানিবলৈ দিয়া মতে, চুৰিৰে আক্ৰমণ কৰাৰ পিছতে এজন যুৱকে ছাত্ৰকেইজনক গুলীয়াবলৈ গাড়ীৰ পৰা পিষ্টল আনিবলৈ কয়। পিষ্টলৰ কথা শুনাৰ পিছতে আহত ছাত্ৰকেইগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত আহত ছাত্ৰকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়। বৰ্তমান ছাত্ৰকেইগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে।