যেতিয়া এঠাইত সকলো বিভাগৰ কাৰ্যালয়ত উপলব্ধ- গোপাল জালান

pc istock

যেতিয়া এঠাইত সকলো বিভাগৰ কাৰ্যালয়ত উপলব্ধ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে ঘোষণা কৰিছে যে সৰু সৰু কাৰ্যালয় [বিভিন্ন বিভাগৰ]সমূহ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত স্থাপন কৰিব। নিঃসন্দেহে এয়া এক আদৰণীয় পদক্ষেপ। কাৰণ সাধাৰণ ৰাইজে কেতিয়াবা সাধাৰণ কাম এটা– যিটো এঘণ্টামানৰ ভিতৰতে সম্পাদন কৰাটো সম্ভৱ তেনে কামৰ বাবে বিভাগীয় কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে তাঁতবাটি কাঢ়িবলগীয়া হয়। এটা বিভাগৰ কাৰ্যালয়ৰ পৰা আন এটালৈকে যাবলৈ বহু সময়ৰ প্ৰয়োজন হয়। তদুপৰি এটা বিভাগৰ পৰা সামান্য কাম এটাৰ ফাইল বা কাগজ এখন উপায়ুক্তৰ কাৰ্যালয় পাবলৈ এমাহ-দুমাহ বাদেই– কেতিয়াবা এবছৰ-দুবছৰপৰ্যন্ত লাগে। যদি এগৰাকী ব্যক্তিৰ ক্ষেত্ৰতে এনে অৱস্থাৰ সৃষ্টি হয় তেনেহ’লে হাজাৰ হাজাৰ লোকৰ কাম সম্পাদন কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ’ব সেয়া ভাবিলেই আচৰিত লাগে। বিগত সময়ছোৱাত এনেদৰেই কাম সম্পাদন হৈ আহিছে। ইয়াৰ ফলত ব্যক্তিগত কামৰ কথা বাদেই– ৰাজহুৱা কামসমূহো বিলম্ব হোৱাত উন্নয়নত ব্যাঘাত জন্মে। এখন সমাজৰ উন্নয়নৰ বাবে ৰাইজৰ লগতে সমাজখনৰ প্ৰতিগৰাকী ব্যক্তিৰ উন্নতি হ’ব লাগিব। এতিয়াৰে পৰা বিভাগীয় সৰু সৰু কাৰ্যালয় উপায়ুক্তৰ কাৰ্যালয় চৌহদত হ’লে টেবুলৰ তলেদি চলা কাৰ্যসমূহো নিশ্চয়কৈ বন্ধ হ’ব। কাৰণ সকলো বিষয়া-কৰ্মীয়ে নিজৰ নিজৰ টেবুলৰ ফাইলসমূহ নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰেৰণ কৰিবই লাগিব। উপায়ুক্তই সদায় এক নিৰ্দিষ্ট সময়ত বিভিন্ন বিভাগৰ ফাইলসমূহ নিজৰ টেবুলত দিবলৈ নিৰ্দেশনা জাৰি কৰিলে সকলোৱে এনে কৰিবলৈ বাধ্য হ’ব। প্ৰায়সংখ্যক বিভাগৰ সৰু সৰু কাৰ্যালয়সমূহত দীৰ্ঘদিন ধৰি কাম নকৰাকৈ থৈ দিয়াটো ইমান দিনে এক পৰম্পৰা হিচাপে চলি আহিছিল। এদিনত কৰিব পৰা কামটোও দুই-তিনিমাহ লগোৱাৰ কোনো প্ৰয়োজন নাই। কৰ্মীসকলৰ এলাহ নে আন কোনো কাৰণ থাকে, সেয়া সহজে অনুমান কৰিব নোৱাৰি। তদুপৰি সৰু সৰু কাৰ্যালয়সমূহৰ মাজত যদি দূৰত্ব বেছি থাকে তেনেহ’লে এটাৰ পৰা আনটোলৈ ফাইল এটি যাবলৈ কেবামাহ, বছৰৰ প্ৰয়োজন হয়। ক’ৰবাত যদি মানুহ কম থকা বুলি কয়, আন ক’ৰবাত আকৌ কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা বাবে এনেবোৰ কাম সময়মতে কৰিব নোৱাৰা হয়। জিলা পৰ্যায়ত সম্পাদন কৰিব পৰা কামখিনি যদি সময়মতে উপায়ুক্তৰ টেবুল গৈ পাই তেনেহ’লে সকলোৱেই উপকৃত হ’ব পাৰে। এতিয়াৰে পৰা যদি উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে এইবোৰ কাৰ্যালয় থাকে তেনেহ’লে উপায়ুক্তয়ো যিকোনো সময়তে এইবোৰ বিচাৰিব পাৰিব। তদুপৰি উপায়ুক্তৰ টেবুললৈ যদি সদায় এক নিৰ্দিষ্ট সময়ত প্ৰতিটো বিভাগৰ ফাইলবোৰ আহে তেনেহ’লে সেইবোৰ ভালদৰে পৰীক্ষা কৰাটো সম্ভৱ হ’ব। উপায়ুক্তয়ো কঠোৰ নিৰ্দেশনা জাৰিৰে বিভিন্ন বিভাগৰ পৰা প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ ফাইলসমূহ সদায় নিৰ্দিষ্ট সময়ত জমা দিবলৈ ক’লে প্ৰতিগৰাকী কৰ্মীয়ে নিজৰ কাৰ্য সম্পাদন কৰিবলৈ বাধ্য হ’ব। যিহেতু উপায়ুক্তই সকলোবোৰ তদাৰক কৰিব লাগিব, সেয়েহে তেওঁৰ বাসগৃহও এই কাৰ্যালয়ৰ সমীপতে হ’লে বেছি লাভ হ’ব। কাৰণ যদি উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা বাসগৃহৰ মাজত দূৰত্ব বেছি হয় তেনেহ’লে অহা-যোৱা কৰোঁতে বেছি হ’লে প্ৰয়োজন হ’লেও কাৰ্যালয়ত অধিক সময় থকাটো সম্ভৱ নহ’ব। তদুপৰি কৰ্মচাৰীসকলৰ বাবেও সমস্যাৰ সৃষ্টি নোহোৱাকৈ নাথাকিব। যদিহে উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰায়সংখ্যক কাৰ্যালয় উপলব্ধ হয় তেনেহ’লে ৰাইজৰ আটাইতকৈ বেছি লাভ হ’ব। কাৰণ যাতায়াতৰ ক্ষেত্ৰত লাভান্বিত হয়। যদি কোনো এগৰাগী ব্যক্তিয়ে কোনো এটা কামৰ বাবে তিনিটা বিভাগৰ কাৰ্যালয়লৈ বেলেগে বেলেগ পথেৰে যাবলগীয়া হয় তেনেহ’লে অৰ্থৰ লগতে সময়ৰো প্ৰয়োজন হ’ব। দুখীয়া ৰাইজে এটা কামৰ বাবে যেতিয়া বেলেগ বেলেগ কাৰ্যালয়লৈ যাবলগীয়া হয় তেতিয়া তেওঁৰ অৰ্থ-ব্যয়ো হ’ব। তদুপৰি যাতায়াত কৰোঁতে অপ্ৰয়োজনীয়ভাৱে ব্যয় কৰা সময়ো ৰাহি হ’ব। এনেদৰে যদি হাজাৰ হাজাৰ ব্যক্তিৰ সময় আৰু অৰ্থ ৰাহি হয় তেনেহ’লে সমাজৰ সামগ্ৰিক উন্নতিত সহায়ক হ’ব। আনহাতে, একেলগে আটাইবোৰ কাৰ্যালয় হ’লে সৌন্দৰ্যবোধো হ’ব। পৰিপাটি আৰু সৌন্দৰ্যবোধ সমানে যেতিয়া ৰাইজৰ দৃষ্টিত পৰিব তেতিয়া ঠাইখনো দেখাত ভাল হ’ব। সেইবাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ এই পদেক্ষপক সকলোৱে আদৰণি জনাইছে।

গোপাল জালান
১০৮, এম জি ৰোড, ফাঁচীবজাৰ,
গুৱাহাটী, দূৰভাষঃ ৯৪৩৫১-০৩৯৭৭