যুৱ কবি সত্যজিৎ গগৈৰ কাপেৰে নিগৰিত হোৱা “প্ৰাৰ্থনা” কবিতাটিৰ বিশ্লষণ – হৰেন দুৱৰা

Pc freepik
যুৱ কবি সত্যজিৎ গগৈৰ কাপেৰে নিগৰিত হোৱা “প্ৰাৰ্থনা” কবিতাটিৰ বিশ্লষণ 
প্ৰাৰ্থনা
(কবি-সত্যজিৎ গগৈ।) 
চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাবোৰত সোমাই থাকে
শিশুহঁতৰ গধুলিৰ ভগৱান,
যি ঈশ্বৰক বিচাৰি বিচাৰি আমি ঘূৰি ফুৰোঁ
নামঘৰ,মছজিদ,গীৰ্জা অথবা মন্দিৰ
পুৱা প্ৰাৰ্থনা
গধুলি প্ৰাৰ্থনা
স্কুলত প্ৰাৰ্থনা
মঠ অথবা মন্দিৰ
সকলোতেই মূৰ দোৱাই দোৱাই কেৱল প্ৰাৰ্থনা,
মাথো বিচাৰি ফুৰে ঈশ্বৰক
আচলতে শিশুহঁতে বিচাৰি ফুৰা
সেই ঈশ্বৰ নামঘৰত নাই
অথবা মঠ-মন্দিৰ নাইবা গীৰ্জা মছজিদ
ভগৱান আছে কেৱল জীৱৰ দেহত।
  “প্ৰাৰ্থনা” । য’ত প্ৰকাশ পাই নিঃস্বাৰ্থ ভালপোৱা আৰু অকৃত্ৰিম মানৱতাবোধ । প্ৰাৰ্থনাত নিহিত হৈ থাকে শ্ৰদ্ধা আৰু আন্তৰিকতা। প্ৰাৰ্থনা হ’ব লাগে বিভেদতা পৰিসাৰ কৰি মানুহে মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰখা । প্ৰাৰ্থনা বোৰ হ’ব লাগে সকলোৰে সৰ্বতো প্ৰকাৰৰ মঙ্গল সাধন কৰা । কবিয়ে কবিতাটিত কৈছে…
“চিঞৰি চিঞৰি গোৱা প্ৰাৰ্থনাবোৰত সোমাই থাকে
শিশুহঁতৰ গধুলিৰ ভগৱান”
শিশু । এই শিশুকালটোৱেই হৈছে মানুহৰ সৰ্বাঙ্গ সুন্দৰ সময় । এই সময় পুনৰাই ঘূৰাই পাবলৈ সকলোৱেই আশা কৰে । জন্মৰ পৰা পাঁচ বছৰ বয়সলৈকে আমি শিশুকাল বুলি কওঁ । সেয়েহে প্ৰহ্লাদ চৰিত্ৰকো পাঁচ বছৰ বয়সৰলৈকেহে উপস্থাপন কৰিছে । কাৰণ এই বয়সলৈকে কোনোলোকৰ মন আৰু হৃদয়ত মায়াই স্থান লাভ কৰিব নোৱাৰে । স্থান নাপাই দম্ভ, অহংকাৰ, ক্ৰোধ আদি ৰিপুবোৰে । এই শিশু কালত বিয়পি থাকে উদাৰতা আৰু মায়া ৰহিত এটি শৰীৰ । এই গতিকে শিশুসকলক দেৱতুল্য বুলি প্ৰতিজন লোকেই জ্ঞান কৰে । এই শিশুসকলৰ মনত নাথাকে কোনো বিদ্বেষ, নাথাকে কোনো জাত-পাত আৰু ধৰ্ম । তেওঁলোকে সকলোকে ঈশ্বৰ জ্ঞান কৰে । যদি আমি শিশু এটিক খাবলৈ দিওঁ তেতিয়াই সেই শিশুটিৰ পাত্ৰত অন্য জীৱয়েও খোৱা দেখোঁ । শিশুটিয়ে সেই জীৱটিক খেদিব লাগে বুলি নাজানে । কাৰণ  শিশুটিয়ে সেই জীৱটিক আত্মা জ্ঞান কৰে । এই গতিকে দুয়ো একেটা পাত্ৰতে খাদ্য গ্ৰহণ কৰে । মানুহৰ যিমানেই জ্ঞান বাঢ়ে আমি সিমানেই ঈশ্বৰক নিৰ্ণয় কৰিব নোৱাৰোঁ । শিশু কালত আমি আনে খোৱা পাত্ৰত যদি কিবা ৰৈ যায় তাকো খাবলৈ কুণ্ঠাবোধ নকৰোঁ কিন্তু ডাঙৰ হোৱাৰ লগে লগে আমাৰ জ্ঞান উদয় হয় আৰু আনে খোৱা পাত্ৰত যদি কিবা ৰৈ যায় সেইবোৰ খাবলৈ শংকিত হওঁ । এক প্ৰকাৰে চাবলৈ গ’লে আমাৰ মনত এক ভয় ভাবে ক্ৰিয়া কৰিলে।কিন্তু শিশুকালত নাছিল কোনো ভয় । এই নিৰ্ভয়তাৰ বাবেই শিশুৰ প্ৰাৰ্থনাত সন্তুষ্ট হয়, ভগৱান । কাৰণ শিশুসকলৰ প্ৰাৰ্থনাত নাথাকে কোনো কামনা, নাথাকে কোনো মুক্তিৰ লিপ্সা ।
    বয়সে অতিক্ৰম কৰাৰ লগে লগে মানুহৰ লালসা বাঢ়ে । এই লালসাত আমি অন্ধ হৈ ঈশ্বৰক বিচাৰোঁ । সেয়েহে কবিয়ে কবিতাটিত কৈছে…
“যি ঈশ্বৰক বিচাৰি বিচাৰি আমি ঘূৰি ফুৰোঁ
নামঘৰ,মছজিদ,গীৰ্জা অথবা মন্দিৰ
পুৱা প্ৰাৰ্থনা
গধুলি প্ৰাৰ্থনা
স্কুলত প্ৰাৰ্থনা
মঠ অথবা মন্দিৰ
সকলোতেই মূৰ দোৱাই দোৱাই কেৱল প্ৰাৰ্থনা “
     প্ৰতিজনেই প্ৰতিটো ক্ষণতেই প্ৰতিটো স্থানতেই প্ৰাৰ্থনা কৰে । কিন্তু এই প্ৰাৰ্থনাবোৰত নিহিত হৈ থাকে কামনা । এই কামনাৰ বাবে আমিবোৰ হৈ পৰোঁ স্বাৰ্থপৰ । এই স্বাৰ্থৰ বাবেই আমিবোৰ অন্ধ হৈ পৰোঁ । স্বাৰ্থৰ বাবেই আমি ঈশ্বৰক বিচাৰি নাপাওঁ । আমি কওঁ, পৃথিৱীৰ প্ৰতিটো বস্তুতেই ঈশ্বৰ বিৰাজমান । কিন্তু এই কথাষাৰক আমি কিমানে মানি চলোঁ । এজন অসুস্থ মানুহ বা এজন মানসিক ভাৰসম্যহীন ব্যক্তিক আমি আদৰ সন্মান কৰোঁনে ? আমি ঘৰত পোহা জীৱবোৰৰ লগত আমি একেটা পাত্ৰতে খাওঁনে ? এজন ৰুগীয়া মানুহে খোৱা পাত্ৰতেই আমি খাওঁনে ? নিশ্চিত ভাবেই আমি ক’ব পাৰিম যে আমি ওপৰৰ এটিও কৰ্ম নকৰোঁ । কাৰণ এনে কৰিলে আমাৰ শৰীৰত বেমাৰ বিয়পিব পাৰে । সেয়েহে  আমি সদায়ে  নিজক পৰিষ্কাৰ কৰি ৰাখিব লাগে । এই পৰিষ্কাৰ ভাববোধ আমাৰ মনত যেতিয়াই উদয় হ’ল তেতিয়াই আমি ঈশ্বৰক হেৰুৱালোঁ । কাৰণ আমি পাহৰি গ’লোঁ প্ৰতিটো বস্তুতেই যে ঈশ্বৰ বিৰাজমান । যীশু খ্ৰীষ্টয়ে কৈছিল, “পাপীক নহয় পাপক ঘৃণ কৰিবা।” মাধৱে দেৱেও ঘোষাত উল্লেখ কৰিছে, “ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম ৰাম ৰাম ৰাম ৰাম ।”
    আমি মানুহক ঘৃণা কৰোঁ, আমি জীৱবোৰক এক জ্ঞান কৰিব নোৱাৰোঁ । এই গতিকে আমি ঈশ্বৰক বিচাৰি ফুৰিব লগীয়া হয়। সেয়েহে কবিয়ে কবিতাটিৰ শেষত কৈছে…
“সেই ঈশ্বৰ নামঘৰত নাই
অথবা মঠ-মন্দিৰ নাইবা গীৰ্জা মছজিদ
ভগৱান আছে কেৱল জীৱৰ দেহত।”
    আমি যদি পৃথিৱীৰ সকলো পদাৰ্থকে এক জ্ঞান কৰিব পাৰোঁ তেতিয়াহে আমি ঈশ্বৰক বিচাৰি পাম আৰু ঈশ্বৰক বিচাৰি পালেই আমাৰ মনৰ পৰা  ৰিপুবোৰ লুপ্ত হৈ এক সৰ্বাঙ্গ সুন্দৰ পৃথিৱী গঢ়ি তুলিব পাৰি । যিখন পৃথিৱীক সকলোৱেই বিচাৰে ।
             শ্ৰদ্ধাৰ কবি সত্যজিৎ গগৈ ডাঙৰীয়াৰ “প্ৰাৰ্থনা” কবিতাটিৰ মাজেৰে সমাজ সংস্কাৰ মনোভাৱ প্ৰকাশিত হৈছে ।
হৰেন দুৱৰা,
 টিংৰাই