যুদ্ধ- ময়ূৰাক্ষী গগৈ

pc PngWing

 যুদ্ধ

বিশ্বত এতিয়া যুদ্ধৰ বিভীষিকা।
চাৰিওফালে আতংকময় পৰিবেশ।
ধ্বংসযজ্ঞৰ ভয়ংকৰ দৃশ্য কেৱল।
শক্তিশালী ৰাষ্ট্ৰনায়কৰ মইমতালিত
সাধাৰণ নাগৰিকৰ কি দুৰ্দশা!
ক্ষমতাৰ লোভত নেতাসকল
তেজৰ ফাকু খেলাত
মতলীয়া হৈ পৰিছে।
ভয়ত কম্পমান নাগৰিকৰ
বিননি কোনে শুনিব?
দেশ ৰক্ষাৰ স্বাৰ্থত
কান্ধত বন্ধুক লৈ নাগৰিকো
ঢাপলি মেলিছে যুদ্ধক্ষেত্ৰলৈ।
কৰোনা মহামাৰীৰ সৈতে যুদ্ধ কৰোঁতেই
বিশ্ববাসীৰ অৱস্থা কাহিল।
আকৌ বাৰু কোনোবাই আশা কৰেনে
তৃতীয় এখন বিশ্বযুদ্ধ?
নালাগে আমাক যুদ্ধ,
নালাগে আমাক শাসনৰ ক্ষমতা।
নাগৰিকৰ এই কৰুণ আহ্বান
শুনিবনে বাৰু
ক্ষমতা লিপ্সু শাসকসকলে?

ময়ূৰাক্ষী গগৈ