যান বাহন আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে  কামৰূপ মহানগৰ জিলা ( প্ৰৱৰ্তক ) পৰিবহণ বিষয়া কাৰ্যালয়ৰ অভিযান 

p.c. Twitter

যান বাহন আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে  কামৰূপ মহানগৰ জিলা ( প্ৰৱৰ্তক ) পৰিবহণ বিষয়া কাৰ্যালয়ৰ অভিযান 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ ( প্ৰৱৰ্তক ) কার্যালয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ভংগকাৰী বাহনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । আনকি নৱবৰ্ষক আদৰাৰ নামত যাতে ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ মহানগৰ জিলাতো এটাও সুৰাপানকেন্দ্ৰিক দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবেও  মহানগৰ আৰক্ষীৰ সহযোগত  ডিচেম্বৰ মাহত দিনে নিশাই অভিযান চলোৱা হৈছিল । যাৰ ফলত সৌভাগ্যক্ৰমে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত গুৱাহাটীত নৱবর্ষক আদৰাৰ নামত এটাও পথ দুৰ্ঘটনা সংঘটিত নহ’ল । আনহাতে জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে  ইয়াৰ পূৰ্বৰে পৰা কাৰ্যালয়ৰ  প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে অভাৰলোড বা নিৰ্ধাৰিত বহন ক্ষমতাতকৈ অধিক ওজন সৰবৰাহ কৰা ,  যাত্ৰীবাহী বাহনত অধিক যাত্ৰী নিয়া বাহনৰ বিৰুদ্ধেও  ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে । চলিত ২০২১ -২২ বিত্তীয় বর্ষৰ  পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে ৯ মাহত কার্যালয়ে চলোৱা অভিযানত যান বাহন আইন ভংগ কৰা ১৬,৩৮৬ টা ঘটনা ধৰা পেলাই ইয়াৰ বিপৰীতে ১৪ কৌটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে । ই ৰাজ্যৰ ভিতৰতে এক অভিলেখ বুলি বিবেচিত হৈছে । ইয়াৰ ভিতৰত কেৱল অভাৰলোড ট্ৰাকৰ বিৰুদ্ধে ৩,৩০০ টা ঘটনা ধৰা পেলাই তাৰ বিপৰীতে ৮.৯১ কৌটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হয় । আনকি সমগ্ৰ ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰত প্ৰায় ৩০ শতাংশ অভাৰলোড ট্ৰাক কেৱল কামৰূপ মহানগৰ জিলাত ধৰা পেলোৱা হয় । আনহাতে বিগত ২০২০ -২১ বৰ্ষত অৰ্থাৎ ১২ মাহত জিলাখনত যান বাহন আইন ভংগৰ ঘটনা ধৰা পেলোৱা হৈছিল ৪,০৫৭ টা আৰু ইয়াৰ বিপৰীতে ৭.৪৭ কৌটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছিল । অৱশ্যে জৰিমনা সংগ্ৰহ কৰাটোৱে বিভাগৰ মূল লক্ষ্য নহয় । বিশেষকৈ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলোৱে ’পথ সুৰক্ষা , জীৱন ৰক্ষা’ৰ নীতি , পথ সুৰক্ষাৰ পঞ্চসূত্ৰ সকলোৱে মানি চলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে  চালক সকলে  ৰাজপথত বাহন চলাই তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে । আনহাতে আগন্তক মাঘ মাহৰ আগতে পে ইণ্ডিয়া কেবৰ ফালৰ পৰা গুৱাহাটীত দুৰ্ঘটনা সংঘটিত হলে তৎকালে যাতে দুৰ্ঘটনাস্থলীলৈ  উদ্ধাৰকাৰীক প্ৰেৰণ কৰিব পাৰি তাৰ বাবে দুখন বাহনৰ ব্যৱস্থা কৰা হ’ব । তাৰ বাবে নিৰ্দিষ্ট এপত খবৰ দিয়াৰ পাছতে বাহন গৈ ঘটনাস্থলীত উপস্থিত হ’ব৷একে সময়তে গুৱাহাটীত যাত্ৰীৰ অধিকাৰ যাতে অক্ষুন্ন থাকে তাৰ বাবে  পে ইণ্ডিয়াৰ উপৰি অলা আৰু উবেৰ কেবকো সময়ে সময়ে মণিটৰিং কৰি থকা হৈছে বুলি  জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিছে । উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৯ মাহৰ তুলনাত এইবেলি ৯ মাহত ৩০২ শতাংশতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে ।