‘মৰে মি বিসাৰেয়া’ গ্ৰন্থ উন্মোচন

‘মৰে মি বিসাৰেয়া’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  শিলচৰৰ কবি বিজয় কুমাৰ সিংহ ৰচিত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ কাব্যগ্রন্থ ‘মৰে মি বিসাৰেয়া’ গ্ৰন্থখন দিছপুৰস্থত গণেশ উদ্যানত উন্মোচন কৰা হয়৷অনুষ্ঠানত বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক, দীপক শৰ্মা,  বিশিষ্ট কবি তথা গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এচচিয়েছনৰ সচিব প্ৰধান জিতেন পায়েং, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্  লক্ষ্মীন্দ্ৰ সিংহ, শিলচৰৰ নিমাই সান্দ হাইস্কুলৰ অৱসৰী শিক্ষক ৰসময় সিংহ, অনিতা সিংহই ভাষণ দিয়ে৷