মৰিগাঁও হাবিবৰঙাবাৰীৰ বড়িগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বিচিত্ৰানুষ্ঠানৰ সফল সামৰণি

মৰিগাঁও হাবিবৰঙাবাৰীৰ বড়িগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বিচিত্ৰানুষ্ঠানৰ সফল সামৰণি

ধিং, ৰঙিলী বাৰ্ত্তাসেৱা-  তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰীৰ বড়িগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাৰ্ষিক বিচিত্ৰানুষ্ঠানৰ যোৱা কালি সফল সামৰণি হয়।বিগত বৰ্ষ সমূহত এই বিদ্যালয় খনে বাৰ্ষিক বিচিত্ৰানুষ্ঠান ডিচেম্বৰ মাহত অনুষ্ঠিত কৰি আহিছিল যদিও মৰিগাঁও প্ৰশাসনৰ নিৰ্দেশ মৰ্মে এইবেলি মৰিগাঁও দিৱসৰ লগতে সংগতি ৰাখি ইংৰাজী ১৩ ,১৪ আৰু ১৫ অক্টোবৰ তাৰিখে তিনিদিনীয়াকৈ এক বিস্তৃত কাৰ্যসূচীৰে বিদ্যালয় খনৰ বাৰ্ষিক বিচিত্ৰানুষ্ঠান অনুষ্ঠিত কৰে। গুৰুজনাৰ বৰগীত আৰু নৃত্য অনুষ্ঠানৰে প্ৰথম দিনাখনৰ কাৰ্যসূচী শুভাৰম্ভ হয়। দ্বিতীয় দিনাখন এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয় য’ত অংশগ্ৰহণ কৰে বিদ্যালয় খনৰ চাৰি সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে। কালি সামৰণি অনুষ্ঠানত মৰিগাঁও দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মৰিগাঁও জিলাৰ বিষয়ে বিশেষ কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে বিদ্যালয় কৰ্তৃপক্ষই। বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনা ২৭ গৰাকী ছাত্ৰ-ছাত্ৰীক কাৰ্যসূচীৰ তৃতীয় দিনাখন সম্বৰ্দ্ধনা জ্ঞাপন কৰি একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত এই বিদ্যালয় খনৰ উৰ্ত্তীণৰ হাৰ আছিল এশ‌ শতাংশ। বিচিত্ৰানুষ্ঠানৰ সামৰণিৰ সমূহীয়া নৃত্য অনুষ্ঠান আছিল শিক্ষক/শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মধুৰ সম্পৰ্কৰ সমাহাৰ।