মৰহা ফুলৰ সুগন্ধি- গায়ত্ৰী পূজাৰী, দেৰগাওঁ,গোলাঘাট

pc-Pinterest

মৰহা ফুলৰ সুগন্ধি

তোমাৰ নামটো কি? কাষতে কাৰবাৰ অনাকাংক্ষিত মাতো শুনি তাই উচপ খাই উঠিল। শ্ৰাৱনী।  তাই লাহকৈ উত্তৰটো দিলে। আগন্তুোকে হাতখন আগবঢ়াই দিলে হাই মই নিবিৰ। নিবিৰ চলিহা ।তাইও সংকোচেৰে হাতখন ধৰিলে। এক অনামী শিহৰনে তাইক কঁপাই গ’ল। শ্ৰাৱনী বৰুৱা। প্ৰদ্যু বৰুৱা আৰু ৰুদ্ৰাণী বৰুৱাৰ ডাঙৰ ছোৱালী।বৰুৱা মেনচনৰ জেউতিত যেন এটুকুৰা কলীয়া ডাৱৰ। তাইৰ শৰীৰৰ গঠন ঘৰৰ কাৰোৰ লগতেই নিমিলে। গাখীৰত সেঁন্দুৰ মিহলোৱা যেন ভাইয়েক ভনীয়েক দুটা আৰু শ্যামবৰণীয়া তাই।ভৰি এখনো তাইৰ বেয়া।মাকেও তাইক মানুহৰ আগত চিনাকি কৰি দিবলৈ লাজ পায়।ভাইয়েক ভনীয়েকহঁতেও তাইক সংগ নিদিয়ে। তাইৰ একমাত্ৰ সংগী হ’ল কিতাপ।পঢ়াত অত্যন্ত মেধাৱী তাই।তাইৰ কণ্ঠত যেন সৰস্বতী বিৰাজমান।যেতিয়া তাই ৰিয়াজ কৰে তাইৰ সুললিত কণ্ঠই বাটৰুৱাকো মুগ্ধ কৰে।কিন্তু যেতিয়া তাইক মানুহে দেখে আচৰিত বস্তু দেখাৰ দৰে আচৰণ কৰে।মেদবহুল শৰীৰৰ,শ্যামবৰণীয়া ৰং,ওজলা দাঁত,ভৰি এখনো অলপ বেয়া।কিন্তু তাইৰ মনটো নিস্পাপ শিশু এটিৰ দৰে য’ত নাই কোনো কলুষতা।আছে মাথো সকলোৰে প্ৰতি সীমাহীন ভালপোৱা।তাই বাপেকৰ আলাসৰ লাৰু। তাকে দেখি ভায়েক ভনীয়েকহঁতৰ তাইৰ প্ৰতি অহৈতুক ঈৰ্ষা।আজি ভনীয়েক সংযুক্তাৰ জন্মদিন আছিল।পাৰ্টীত তাই এটাৰ পাছত এটা গান প্ৰাণঢালি গাইছিল কাপোৰৰ আঁৰৰ পৰাই।জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বাজিছিল কিন্তু গায়িকাজনীক কোনেও দেখা নাছিল।কিন্তু এজনে বৰ ব্যাকুলতাৰে এই মাতটোক অনুসৰণ কৰিছিল।এটা সময়ত সফলো হৈছিল তেওঁ।তেওঁৱে হৈছে নিবিৰ চলিহা।সফল যুৱ ব্যৱসায়ী লগতে সঙ্গীতৰ সাধক। লাহে লাহে নিবিৰ আৰু শ্ৰাৱণীৰ মাজত বন্ধুত্ব দৃঢ় হৈছিল। নিবিৰে শ্ৰাৱণীৰ মাজত থকা হীনমান্যতাক দূৰ কৰাত সহায় কৰিছিল।অন্তমুখী শ্ৰাৱণীয়েও মুকলিকৈ কথা পাতিবলৈ লৈছিল।তাইৰ প্ৰতিভাৰ ন ন দিশ উন্মোচিত হৈছিল।তাই আকৌ হাঁহিবলৈ লৈছিল।যেন প্ৰকৃতিৰ বুকুলৈ ন বসন্তৰ আগমনহে ঘটিছিল।শ্ৰাৱণীৰ পৰিৱৰ্তনত বাপেক অত্যন্ত সুখী হৈছিল। আজি শ্ৰাৱণীৰ বাবে ডাঙৰ দিন।আজি তাইৰ দুই নম্বৰ কেছেটটো উন্মোচন হ’ব।আজি তাইক সকলোৱে আদৰ কৰে,মৰম কৰে।কোনেও তাইৰ শৰীৰটোক লৈ আলোচনা নকৰে।তাই নিজৰ কামেৰে সুগন্ধি বিলাইছে।এসময়ৰ মৰহা ফুলপাহ আজি এপাহ সুগন্ধিত ফুল।মাকহতেওঁ এতিয়া তাইক বুজি পায়। আজি তাইৰ আৰু নিবিৰৰ বিয়া।ভনীয়েকে নিজ হাতেই তাইক সজাইছে। শ্ৰাৱণী লিখি হ’ল নে তোমাৰ।নিবিৰৰ মাতত তাই ভাৱনাৰ পৰা উভতি আহিল।তাই নিজৰ জীৱনৰ ঘাত প্ৰতিঘাটক লিখিত ৰূপ দিয়াৰ চেষ্টা কৰিছিল। সুৰ্দীঘ ৬ মাহৰ মূৰত আজি শেষ হ’ল।
উম হ’ল। তাইৰ চমু উত্তৰ।
নামোতো কি দিলা??
“মৰহা ফুলৰ সুগন্ধি”।।

গায়ত্ৰী পূজাৰী।
দেৰগাওঁ,গোলাঘাট