“মৰম-ভালপোৱা অথবা শ্ৰদ্ধাবোৰ চাগে তেনেকুৱাই…….” – .ৰাজীৱ তালুকদাৰ

pc-americanphysicologicalassociation

“মৰম-ভালপোৱা অথবা শ্ৰদ্ধাবোৰ
চাগে তেনেকুৱাই…….”

কি ক’ম….
কি ক’ম বাৰু তোমাক কোৱা……
নিজকে সুধিলোঁ বহুবাৰ
চেতন অথবা অৱচেতন মনত ওপজা
তুমি ক’ৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰত
মোৰ মৌনতাৰ সীমনাত
নিৰলে আৱদ্ধ হৈ ৰৈ থাকিব বিচৰা
সেইয়া যে তোমালৈয়ে থকা
মোৰ হৃদয়ৰ অকপট শ্ৰদ্ধাঞ্জলি
তুমি নিশ্চয় সেইয়া বাৰুকৈয়ে বুজি পোৱা
কেতিয়াবা কেনে লাগে জানানে
মৰম-ভালপোৱা অথবা শ্ৰদ্ধাবোৰ
চাগে তেনেকুৱাই
যিয়ে নেকি ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটীয়া আভৰণৰ মাজত থাকিয়ো আনৰ বাবেই যেন সদায়
ফুলি থাকিবা বিচৰা
এপাহ স্নিগ্ধ গোলাপৰ সুকোমল হাঁহি
যি হাঁহিত বিনাদ্বিধাই যেন বিলীন হ’ব বিচাৰে মোৰ উৰুখা হৃদয়ৰ বিনম্ৰ স্বাভিমান….
এৰা, তুমি কৰাৰ দৰেই প্ৰতিটো প্ৰশ্নৰ প্ৰতিবাদত ওপজা মোৰ ক্লিষ্ট মনৰ
অসমাপ্ত অভিমানে সচাঁকৈয়ে যেন হ’ব বিচাৰে এপাহ স্নিগ্ধ গোলাপৰ
সুকোমল হাঁহি……..

এৰা, তুমি কৰাৰ দৰেই প্ৰতিটো প্ৰশ্নৰ প্ৰতিবাদত ওপজা মোৰ ক্লিষ্ট মনৰ
অসমাপ্ত অভিমানে সচাঁকৈয়ে যেন হ’ব বিচাৰে এপাহ স্নিগ্ধ গোলাপৰ
সুকোমল হাঁহি……..💐💐💐💐

…….ৰাজীৱ……