মোৰ বাবে মেডল এটাই , সেয়া হʼল সোণ – লাভলিনা

pc-Scroll.in

মোৰ বাবে মেডল এটাই , সেয়া হʼল সোণ – লাভলিনা 

অনলাইন বাৰ্ত্তাসেৱা– অলিম্পিকৰ ৬৯ কিলো শাখাত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ মেচখনত চীনৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নিয়েন চিন চেনক  পৰাস্ত কৰে অসম কন্যা লাভলিনাই। চাইনিজ টাইপেইৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে খেলখন সহজ নহʼব বুলি সকলোৱে ধাৰণা কৰিছিল। কিন্তু ৪-১ ব্যৱধানত লাভলিনাই প্ৰাক্তন বিশ্ব চেম্পিয়ন নিয়েন চিন চেনক প্ৰৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বেও চাইনিজ টাইপেইৰ নিয়েন চিন চেনৰ বিৰুদ্ধে কেইবাবাৰো বক্সিং ৰিঙত মুখামুখি হৈছিল লাভলিনাই।বিশ্ব বক্সিং চেম্পিয়নশ্বিপ, নতুন দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া অপেনতো চাইনিজ টাইপেইৰ খেলুৱৈ গৰাকীৰ লগত ৰিঙত অৱতীৰ্ণ হৈছিল লাভলিনাই। নিয়েনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা মেচকেইখনত লাভলিনাই পৰাজয় বৰণ কৰিছিল। অলিম্পিকত পদক নিশ্চিত হোৱাৰ পাছত লাভলিনাই প্ৰতিক্ৰয়া প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ লক্ষ্যত উপনীত হʼবলৈ বাকী আছে। লাভলিনাৰ ভাষাৰে- মোৰ বাবে মেডল এটাই , সেয়া হʼল সোণ।মোৰ পৰৱৰ্তী লক্ষ্য সোণৰ পদক আঁজুৰি অনা।মহম্মদ আলীৰ লং পাঞ্চ আৰু ফুটৱাক আৰু মেৰী কমৰ সংগ্ৰামী জীৱনৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁলোকক অনুসৰণ কৰিছিল লাভলিনাই ।মেৰী কমৰ দৰে এগৰাকী খেলুৱৈ সম্প্ৰতি তেওঁলোকৰ লগত থকাৰ বাবে মনত অধিক উৎসাহ লাভ কৰা বুলি লাভলিনাই অভিহিত কৰে।উল্লেখ্য যে অলিম্পিকত ভাৰতৰ যি দুটা পদক নিশ্চিত হৈছে দুয়োটা পদকে আঁজুৰি আনিছে উত্তৰ-পূবৰ দুগৰাকী কন্যাই। মীৰাবাঈ চানুৱে ভাৰতৰ বাবে প্ৰথমটো পদক লাভ কৰে আৰু দ্বিতীয়টো পদক লাভ কৰে অসম কন্যা লাভলিনা বৰগোহাঁয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগায়ো অভিনন্দন জনাই লাভলিনাক।

(R.T)