মোৰ ফাগুন- স্বাগতা বৰুৱা গোস্বামী

pc.-the janambhumi

মোৰ ফাগুন

মোৰ উদং পথাৰৰ সঞ্জীৱনী
তুমি শিমলু
কোনে কয় মই লঠঙা বুলি
তুমিয়েইটো সিঁচি দিছিলা হেপাহৰ ফুলবোৰ
সেন্দুৰ সনা দিনবোৰত
শৰা পাতৰ খচখচনিয়ে
আবিৰৰ ৰঙা,নীলা ৰঙবোৰে
হৃদয়ত ৰঙীন সপোন ৰছো
কেৱল তোমাৰ বাবেই…
আজি মই মায়াবী
তোমাৰ ৰঙা মদিৰাৰ নিচাত
আজি মই আউলী
তোমাৰ বা ত
আজি মই বলিয়া
তোমাৰ প্ৰেমত
আজি মই ধূসৰিত
তোমাৰ পৰশত
আজি মই চঞ্চল
তোমাৰ যৌৱনত
আজি মই সৃষ্টি
তোমাৰ মৰমত
আজি মই ক্লান্ত পক্ষী
তোমাৰ হৃদয়ৰ মণিকোঠাত
অপেক্ষাৰে বাট চাম
চিৰদিনৰ চিৰকাল…

স্বাগতা বৰুৱা গোস্বামী