মোৰ জন্মদিনৰ অনুভব ~~~ ফখৰুদ্দিন আহমেদ

মোৰ জন্মদিনৰ অনুভব
~~~~~

ফখৰুদ্দিন আহমেদ

মোৰ প্ৰমানপত্ৰ মতে জন্মদিনটো হ’ল ত্ৰিশ ডিচেম্বৰ। চন আছিল ইং ১৯৭২ ।সেই মৰ্মে ইং ২০২১ চনৰ ত্ৰিশ ডিচেম্বৰ তাৰিখে মই পঞ্চাশ বছৰত ভৰি দিলো।আব্বাৰ ডায়েৰী লিখা অভ্যাস আছিল। সেই সৰু কলেবৰৰ ডায়েৰীখনত আব্বাই লিখি থোৱা মতে মোৰ প্ৰকৃত জন্ম তাৰিখ আছিল ওঠৰ মাৰ্চ কিন্তু চন একেটাই।শতবৰ্ষ গৰকা সানোৱা প্ৰাথমিক বিদ্যালয়ৰ পৰা ইং ১৯৮২ চনত চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰত তদানিন্তন প্ৰধান শিক্ষক , মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু প্ৰয়াত আলিছাহ উদ্দিন আহমেদ চাৰে বয়স উল্লেখ কৰিছিল ন বছৰ ন মাহ ন দিন বুলি। সেই ইং ১৯৮২ চনত সানোৱা এম ই মাদ্ৰাছাত নামভৰ্তি কৰি পঢ়ি থাকি ইং ১৯৮৮ চনত একেটা চৌহদতেই থকা সানোৱা হাই মাদ্ৰাছাৰ পৰা অসম হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈছিলো।অসম হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰবেশ পত্ৰত মোৰ জন্ম তাৰিখটি ত্ৰিশ ডিচেম্বৰ বুলি উল্লেখিত আছিল ।
সাম্প্ৰতিক যুগ ডিজিটেল যুগ। এই যুগত চ’চিয়েল মেডিয়াৰ জৰিয়তে নিজৰ আপোনজনক জন্মদিনৰ শুভেচ্ছা জনোৱাটো এটি স্বভাব সিদ্ধ বিষয় হৈ পৰিছে।লগতে কেৱল চহৰ বা নগৰতে নহয় গাঁৱলীয়া সমাজ জীৱনটো মহা ধুমধামেৰে জন্মদিন পালন কৰা দৃষ্টিগোচৰ হয়। মানি ল’বলৈ বহুতে টান পাব যদিও বাস্তব জীৱনত জন্মদিন মহা ধুম ধামেৰে পালন কৰা সকলে কিন্তু নিজৰ জীৱন ব্যবস্থাত প্ৰয়োজনীয় কৰ্তব্য আৰু দায়িত্ববোধৰ প্ৰতি তেনেকৈ সচেতন নহয়। বিভিন্ন ৰঙৰ বেলুন ফুলাই আঁৰি দি দিনটি জন্মদিন পালন কৰি দিনান্তত বেলুনবোৰ ফুটাই পেলোৱাৰ দৰেই কৰ্তব্য আৰু দায়িত্ববোধৰ প্ৰতি তথাকথিত পাশ্চাত্ত্যৰ অনুকৰনত থকা মানুহবোৰ সমাজ ব্যবস্থাৰ প্ৰতি অসচেতন। সেই কাৰণেই কিজানি বিশেষকৈ অসমৰ সমাজ ব্যবস্থাত থকা মানবীয় প্ৰমূল্যবোধৰ সলনি অমানবীয় কৰ্মকাণ্ড সংঘটিত হ’বলৈ আৰম্ভ কৰিছে। সেয়া অনিমেষ ভূঞাৰ দিন দুপৰতে হোৱা হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি হিন্দুত্ববাদৰ বেপাৰী সত্যৰঞ্জন বৰাই প্ৰকাশ্যভাবে সংবাদ মেলত মুছলমানৰ মুণ্ড চিঙি ৰক্ত পান কৰিবলৈ কুণ্ঠাবোধ নকৰো বুলি কোৱালৈকে। ইয়াৰ মাজত থকা বিস্তৃত খতিয়ানৰ বিশ্লেষন কৰিলে দেখা যায় সাংবিধানিক ভাবে থকা বাক্ স্বাধীনতাৰ অপপ্ৰয়োগ আৰু অসমৰ সমাজ জীৱনত ঘটি থকা উৎসৱ মুখৰতা । জন্মদিন পালন কৰাৰ পৰা বিভিন্ন দল , সংগঠন , ৰাজনৈতিক দল , ধৰ্মীয় অনুষ্ঠান ইত্যাদিৰ নামত অনুষ্ঠিত সভাবোৰ।যিবোৰ সভাই প্ৰায়েই মেলামুখী ৰূপলৈ পৰিৱৰ্তিত হয় লগতে মূল লক্ষ্য আৰু উদ্দেশ্যৰ পৰা প্ৰায়েই বিচ্যুত হৈ হে সমাপ্তি হয়। সমাজ জীৱনত বিয়পি পৰিব লগা মূল লক্ষ্য আৰু উদ্দেশ্যৰ পৰিৱৰ্তে কাৰোবাৰ উদ্দেশ্য প্ৰণোদিত স্বাৰ্থ জড়িত বিষয়বোৰ প্ৰচাৰিত হৈ সমাজ জীৱনক বিপথে পৰিচালিত কৰে। এয়া আমাৰ সমাজ ব্যবস্থাত দেখি থকা নিত্য নৈমত্তিক কৰ্মকাণ্ড হৈ পৰিছে।কোনো এটি জাতি উৎসৱপ্ৰবন হৈ পৰাৰ তাত্বিক কথাটিয়ে হ’ল সেই জাতিটোৱে নিজৰ গুণ গৰিমাক হেৰুৱাবলৈ গৈ থকা অৱস্থাৰ পৰিবেশৰ সৃষ্টি কৰি লোৱা।
ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি , মিছাইলমেন খ্যাত বিজ্ঞানী প্ৰয়াত ডঃ এ পি জে আব্দুল কালামে তেখেতৰ জন্ম দিনটোক বন্ধ ঘোষনা নকৰিবলৈ অনুৰোধ কৰি এটি কৰ্মময় দিন হিচাপে পৰিগনিত কৰিবলৈ উপদেশ প্ৰদান কৰিছিল।
অসমৰ সভ্যতা , সংস্কৃতিক ৰক্ষাৰ বাবে টেটু ফালি চিঞৰি থকা মানুহৰ সম্প্ৰতি অভাব নাই। নিতৌ কিমান উদ্দেশ্যত কিমান দল , সংগঠনৰ জন্ম হৈ আছে তাৰো হিচাপ হয়তো নোলাব। চৰকাৰেও বিভিন্ন ক্ষেত্ৰত লোৱা পদক্ষেপ সঠিক নহয়।উদাহৰন স্বৰূপে অসমক মদ মুক্ত কৰাৰ পদক্ষেপ লোৱাৰ বিপৰীতে অসমৰ চুকে কোণে মদৰ দোকানৰ অনুজ্ঞা পত্ৰ দিছে ।মানে অসমৰ ৰাইজক মদ সুলভ কৰি দিছে।এতিয়া আকৌ বাটে পথে মদ সেৱনৰ তদন্তৰে জৰিমনাও ভৰাইছে। তাকে নকৰি বিহাৰ বা আন কিছুমান ৰাজ্যৰ দৰে মদ মুক্ত অসম গঢ়াৰ পদক্ষেপ ল’লে চৰকাৰৰ কিমান ক্ষতি হ’ব? খুব বেছি মদ বিক্ৰীৰ কৰ খিনিৰ পৰা বঞ্চিত হ’ব।কিন্তু মদ মুক্ত অসমে অসমৰ পৰৱৰ্তী প্ৰজন্মক ভাবিব নোৱাৰা ধৰণে উপকৃত কৰিব।
প্ৰতি বছৰে মই মোৰ জন্মদিনটো বিভিন্ন ধৰণৰ কৰ্তব্যত ব্যস্ত থাকি কটাও। নিজৰ ঘৰত , গাঁৱত নাইবা মই কাম কৰা বিদ্যালয়ত বা কোনো স্থানতেই মই মোৰ জন্মদিনৰ আনুষ্ঠানিকতা নকৰো। এই বেলিও নকৰিলো। বিগত ইং ত্ৰিশ ডিচেম্বৰ , ২০২১ তাৰিখ বৃহস্পতি বাৰে ৰাতিপুৱা ঘৰুৱা কাম কাজ সামৰি মই কাম কৰা দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সানোৱাত প্ৰতিস্থাপিত সানোৱা মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাওঁ । দিনৰ আঢ়ৈ বজাত আমাৰ বিদ্যালয়ৰ পৰা একত্ৰিশ ডিচেম্বৰ , ২০২১ তাৰিখে অৱসৰ পোৱা সহকাৰী শিক্ষক খবিৰুদ্দিন আহমেদৰ অৱসৰকালীন বিদায় দিবৰ বাবে এখনি মানপত্ৰ প্ৰস্তুত কৰিবলৈ বৰদৌলগুৰিত থকা পেৰামাউন্ট অফচেটলৈ যাওঁ । তাত সকলো কাম শেষ কৰি প্ৰায় ৰাতি চাৰে সাত বজাত ঘৰ পাওঁহি। অৱশ্যে মাজে সময়ে বিভিন্নজন বন্ধু আৰু শুভাকাংক্ষীয়ে মোলৈ পঠোৱা জন্মদিনৰ শুভেচ্ছাৰ ফোন যোগে ধন্যবাদ জ্ঞাপন কৰি থাকো।
অসমৰ সমাজ জীৱনত বিভিন্ন উপকাৰ নোহোৱা কামৰ ভিতৰত জন্মদিনৰ দিনজোৰা আনুষ্ঠানিকতাও এক অন্যতম বুলি মোৰ ব্যক্তিগত মত।
নৱবৰ্ষই হওক জন্মদিনেই হওক অসমৰ সমাজ জীৱনৰ একো একোজন সদস্য হিচাপে আমি সকলোৱে নিজৰ লগতে সমাজৰ প্ৰভূত উপকাৰ হোৱা কৰ্মৰ আঁচনি গ্ৰহণ কৰি নিজক লগতে অসমখনক অনন্য ৰূপত বিশ্বৰ সমূখত তুলি ধৰিবলৈ অংগীকাৰবদ্ধ হওঁ আহক।a