মোদীয়ে নিজেও বিয়া নাপাতে, আনকো পাতিব নিদিয়ে ,এইবাৰ এজন বিধায়কে তুলিলে প্ৰশ্ন

মোদীয়ে নিজেও বিয়া নাপাতে, আনকো পাতিব নিদিয়ে ,এইবাৰ এজন বিধায়কে তুলিলে প্ৰশ্ন

ৰঙিলী বাৰ্ত্তাসেৱা–  অলপতে কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ নূন্যতম বয়স বৃদ্ধিৰ বাবে অনুমোদিত হৈছে এখন বিধেয়ক।ছোৱালীৰ বিবাহৰ নিম্নতম বয়সৰ সীমা সোনকালেই ১৮ৰ পৰা ২১বছৰলৈ বৃদ্ধি হ’ব।ভাৰতীয় আইন মতে বিবাহপাশত আবদ্ধ হ’বৰ বাবে ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ বয়স ২১ বছৰ হোৱাটো বাধ্যতামূলক। বিধেয়কখন আইনৰূপে গৃহীত হ’লেই ছোৱালীয়ে ২১ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হ’লে আইনৰ চকুত দোষী সাব্যস্ত হ’ব।বিবাহৰ বয়স সম্বন্ধীয় বিধেয়কখনৰ বিৰোধিতা কৰিছে এজন বিধায়কে৷লাহৰীঘাটৰ কংগ্ৰেছৰ বিধায়ক ডাঃ আশ্বিফ মহম্মদ নাজাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অবিবাহিত জীৱন-যাপনক লৈ কৰিছে প্ৰশ্ন৷বিধায়কগৰাকীয়ে কয় যে,”নৰেন্দ্ৰ মোদীৰ বিয়াৰ প্ৰতি ইমান অনিচ্ছা কিয়।তেওঁ নিজেও বিয়া নাপাতে,আনকো পাতিব নিদিয়ে৷এগৰাকী ছোৱালীয়ে ১৮ বছৰ হ’লে যদি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে, তেন্তে বিবাহত বহাৰ ক্ষেত্ৰত এই বাধ্য বাধকতা কিয় আনিছে?