মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন

মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন

ইকবাল হুছেইন ,মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰথল দলৈগাৱৰ ৰজাবাৰীত সংঘঠিত হয় এক ভয়ানক পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত থিতাতে নিহত হয় তাতিকটা পথাৰৰ আলী হুছেইন নামৰ এজন কেছামাল ব্যাৱসায়ীৰ। গুৰুতৰভাৱে আহত আৰু দুজন।জানিব পৰা মতে-মৈৰাবাৰীৰ পৰা লাহৰিঘাট যোৱা পথত এখন AS21-9756 নম্বৰৰ টাটা মেজিক, আৰু এখন AS21-C8213 নম্বৰৰ অ’টৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংগঠিত হয়। মৈৰাবাৰী আৰক্ষীয়ে বৰ্তমান আলি হুছেইনৰ মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ।