মৈৰাবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰ বিৰুদ্ধে

মৈৰাবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰ বিৰুদ্ধে

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- মৈৰাবাৰীৰ পৰা মৰিগাঁও লৈ যোৱা মূল PWD পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ।ৰাইজৰ অভিযোগ মৈৰাবাৰীৰ কেইবাজন ব্যাক্তিক মেনেজ কৰি ঠিকাদাৰ জনে চলাই গৈছে লুন্টন ৰাজ। ৰাইজে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াক অভিযোগ দিয়াৰ পিছতো নাপালে সোফল। নিৰুপাই হৈ স্থানীয় ৰাইজে কাষ চাপে মৰিগাঁও জিলা উপায়ুক্তৰ। পথ নিৰ্মাণত ঠিকাদাৰ জনে অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে মাত্ৰ এমাহৰ ভিতৰতেই জহি-খহি গৈছে পথ। চাওক আমাৰ এই দৃশ্য কিদৰে কন-কন লʼৰা বিলাকে হাতেৰে উঠাই পেলাইছে পথৰ কাৰপেড়িং । ৰাইজে কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ আৰু ধিং সমষ্টিৰ বিধায়ক হাজি আমিনুল ইচলামক এই ক্ষেত্ৰত এক লিখিত অভিযোগ দিছে। ৰাইজৰ দাবী মৰিগাঁও জিলা উপায়ুক্তই ক্ষেত্ৰবিত্তিক এক তদন্ত কৰক। জিলা উপায়ুক্তৰ তদন্তৰ পিছত হে ঠিকাদাৰ জনক কাম কৰিবলৈ দিয়া হ’ব। ৰাইজে বৰ্তমান পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে।