মেডিকেল আৰু ডেণ্টেলৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাত সৰ্বভাৰতীয় কোটাত অʼবিচিৰ আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ বৃদ্ধি

pc-India Tv

মেডিকেল আৰু ডেণ্টেলৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাত সৰ্বভাৰতীয় কোটাত অʼবিচিৰ আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণ বৃদ্ধি

অনলাইন বাৰ্ত্তাসেৱা– কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ শিক্ষাবৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ মেডিকেল আৰু ডেণ্টেলৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাত সৰ্বভাৰতীয় কোটাত অʼবিচিৰ অন্তৰ্ভুক্ত ছাত্ৰ- ছাত্ৰীৰ বাবে ২৭ শতাংশ আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীত অন্তৰ্ভুক্ত ছাত্ৰ-ছাত্ৰীৰ বাবে ১০শতাংশ আসন সংৰক্ষণ কৰিব।  কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক ছাত্ৰ-ছাত্ৰী সমাজে আদৰণি জনোৱাৰ লগতে এনে সিদ্ধান্তৰ দ্বাৰা বচৰি বহুসংক্যক শিক্ষাৰ্থী উপকৃত হʼব বুলি অভিহিত কৰিছে।ইয়াৰ ফলত এম বি বি এছ, এম ডি, এম এছ, ডিপ্লমা, বি ডি এছ আৰু এন ডি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ ক্ষেত্ৰত এই দুই শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰী বিশেষভাৱে লাভান্বিত হʼব। কেন্দ্ৰীয় শিক্ষা মন্দ্ৰীৰ সৈতে হোৱা এক পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দীৰ্ঘদিনে অমীমাংসিত হৈ থকা এই বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি চলিত শিক্ষাবৰ্ষৰ পৰাই এই সুবিধা প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতেই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আসন সংৰক্ষণৰ কথা ঘোষণা কৰিছে।

(R.T)