মেগাষ্টাৰ চিৰঞ্জীৱীক ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটি অফ দা ইয়েৰ হিচাপে মনোনীত

Pc Hindustan Times

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ঘোষণা কৰে যে  ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৩ তম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত তেলেগু অভিনেতা চিৰঞ্জীৱীক ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব বঁটাৰে সন্মানিত কৰা হ’ব।কৰ্মজীৱনৰ প্ৰায় চাৰি দশকজুৰি অভিনয় কৰা চিৰঞ্জীৱীয়ে ১৫০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। বাতৰিটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিৰঞ্জীৱীয়ে কয় যে তেওঁ “আনন্দিত আৰু বিনম্ৰ” আৰু চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে।