“মৃদুল দা” অজান দেশলৈ গ’লগৈ…প্ৰণামী দেৱী, তেলীয়া ,সোণাৰী গাঁও

pc-printrest

“মৃদুল দা” অজান দেশলৈ গ’লগৈ…

অ’ মৃদুল দা, বৰ দুখ পালো..ভাল হৈছে, ভাল হ’ব শুনি শুনি হঠাতে কি হ’ল?… কেতিয়াও নহাকৈ গুচি গ’ল। ভবা নাছিলোঁ যে মহামাৰীয়ে
আপোনাকো লৈ যাব। মৃত্যুৰ পাছতহে গুণ গায়, অভাৱ অনুভৱ কৰে – সেয়েহে ময়ো আমাৰ মৃদুল দাৰ কথা নজনা সকলক‌ কৈ পেলাওঁ আৰু অলপ নিজকে শান্ত কৰো বুলি ভাবিলো। আপোনাক শুশ্ৰূষা কৰিবলৈ কোনোৱেই নাপালে।

আমাৰ মৃদুল দা কম্পাউন্ডাৰ আছিল,কিন্তু আমাৰ গাঁও কেইখনৰ মানুহৰ কাৰনে “মৃদুল ডাক্তৰ”। চৌব্বিচ ঘন্টাৰ যেতিয়াই মাতে- মৃদুল দা হাজিৰ হৈছিল। কাৰোবাৰ আগত মাতি পাঠালেই হ’ল।বেজি দিয়া চিৰিঞ্জ দেখি ভয় খালে ৰসাল কথাৰে সকলো‌ পাহৰাই ,মুঠতে মৃদুল দা ৰ স্পৰ্শতে বেমাৰ ভাল হৈ যায়। ৰুগীয়া ৰ ভাল নোহোৱালৈকে খবৰ লৈয়ে থাকিব। ইমানতে শেষ নহয়, কোনো জন যদি বাৰ্ধক্যজনিত কাৰণত ঢুকায়- শ্মশানলৈ নিয়াৰ পৰা গিয়তালি লৈকে সেই ঘৰ মানুহৰ সোঁ-হাত যেন হয় মৃদুল দা। অকল সেয়াই নহয়, অসমৰ ভিন ভিন ঠাইত নাটক, ভাঁওনা কৰি সুনাম কঢ়িয়াই থৈছে। চলচ্চিত্ৰ জগততো মৃদুল দা ভালকৈ পৰিচিত। কৈ কৈ শেষ কৰিব নোৱাৰা ….হাঁহি -ধেমালিৰে বহুত স্মৃতি আছে যি আমাক সদায় আমনি কৰি থাকিব । দেখিলে আৰু মাততো শুনিলেই হাঁহি উঠে, দুখ কষ্ট কৰবালৈ যায়। দোকানৰ সন্মুখত যদি ন হাস্যৰসিক মানুহজনে সকলোকে কন্দুৱাই গুচি গ’ল…… অজান দেশলৈ… আৰু লগ নোপোৱাকৈ…

প্ৰণামী দেৱী
তেলীয়া সোণাৰী গাঁও
৯৮৫৪১০০৪২২