মূল্যবোধৰ শিক্ষা, শিক্ষক আৰু সন্মান- লক্ষ্যধৰ দাস

pc-The balance Careers

মূল্যবোধৰ শিক্ষা, শিক্ষক আৰু সন্মান

লক্ষ্যধৰ দাস

“শিক্ষক সকল হৈছে যিকোনো দেশৰ মেৰুদণ্ড স্বৰূপ, সকলোবোৰ প্ৰত্যাশা বাস্তৱলৈ ৰূপান্তৰ কৰা মূল স্তম্ভ।” – ড০ এপিজে আব্দুল কালাম। শিক্ষক সকলে নীতি-আদৰ্শ, নৈতিক মূল্যবোধেৰে প্ৰজ্ঞাৱান সমাজ গড়ে, তেওঁলোকে সমাজক প্ৰড্ঞাৰ আলোকেৰে আলোকিত কৰি সমাজক অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ জ্যোতিৰে জ্যোতিমান কৰি শৃঙ্খলিত ভাৱে আগুৱাই লৈ যায়। ড০ ভূপেন হাজৰিকাই কোৱা সেই নৈতিকতাৰ স্খলন আৰু মানৱতাৰ পতনৰ বিশৃঙ্খলতাৰ পৰা সমাজক উদ্ধাৰ কৰাত শিক্ষকৰ ভূমিকা অগ্রণী। অকল শিক্ষানুষ্ঠানত শিক্ষাদান কৰা ব্যক্তিসকলৰ উপৰিও ন্যায় পৰায়নতা (righteousness) ৰ জ্ঞানৰো প্ৰেৰণা যগোৱা আদৰ্শবান সকলোকে শিক্ষক বা শিক্ষাগুৰুৰ বহল পৰিসৰৰ ভিতৰত সাঙুৰি লোৱা হয়। শিক্ষক সকল নৈতিক মূল্যবোধৰ ধ্বজাবাহক, সেয়েহে তেওঁলোক শ্ৰদ্ধা, ভক্তি আৰু সন্মানৰ পাত্ৰ। গুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হোৱাতো ভাৰতীয় দৰ্শনৰ মূল কথা। এই সন্মান কোনো ব্যক্তিৰ প্ৰতি হোৱাতকৈ তেওঁ বহন কৰা আদৰ্শ, নৈতিকতা, মূল্য সততা আৰু সাধুতাৰ প্ৰতি সন্মান। কোনো শিক্ষকে যদি নীতি আদৰ্শ বিসৰ্জন দি অনৈতিক কাৰ্যত লিপ্ত হয়, তাৰ পিছত তেওঁৰ শ্ৰদ্ধাৰ পাত্ৰ হৈ নাথাকে। এনে কাৰ্যই তেখেতৰ ব্যক্তিগত সন্মান হানি কৰাই নহয় সমগ্ৰ শিক্ষক সমাজলৈ গ্লানি আনে। এই বৃত্তিত অৰ্থৰ মূল্যতকৈ ত্যাগৰ আদৰ্শ প্ৰমূলৰ মূল্য অধিক। অকল অৰ্থ উপাৰ্জনৰ বাবে কৰিব পৰা কাম বহুতো আছে। প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষক সকলক পিতা মাতাৰ পিছতেই আধ্যাত্মিক পৰিবেশৰ তৃতীয় অংশ বুলি অভিহিত কৰা হয় , ড. কালামেও কৈ গৈছে। পৰ্য্যায় যিয়েই নহওক কাম সকলো জ্ঞানৰ জ্যোতিৰ সমাজ আগবঢ়াই নিয়া। তথাপি শিক্ষক সমাজ বিভিন্ন দিশৰ পৰা বহুধা বিভক্ত। এটা উপভাগে আন এটাক মৰ্য্যদা কৰিব নোখোজে। এজন শিক্ষকে আন এজনৰ শিক্ষকৰ প্ৰতি প্ৰৰ্দশন কৰা ভেদাভেদ মূলক আচৰণে ৰাজনৈতিক পৰিৱেশে শিক্ষক সমাজক কলুষিত কৰি সম্মান হানি কৰাই নহয় শৈক্ষিক পৰিৱেশো বিনষ্ট কৰি আহিছে। শিক্ষাক ব্যক্তিগত খণ্ডত একাংশ্ই বজাৰত বিক্ৰীৰ সেৱা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ লগে লগে শিক্ষা আৰু শিক্ষকৰ পৱিত্ৰতা কমি গৈছে। তাত প্ৰমূল্যতকৈ আৰ্থিক লাভালাভ মূল উদ্দেশ্য হৈ পৰিছে। তেনে গুৰুকুলত গ্ৰাহকৰ ক্ৰয় ক্ষমতাই প্ৰাধান্য পোৱা বাবে তাহানিৰ গুৰুকুলৰ শ্ৰদ্ধা আৰু ভক্তিয়ে স্থান হেৰাইছে। আৰু এনে পৰিৱেশৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ আচৰণ মন কৰিবলগীয়া। শিক্ষাৰ এটা উদ্দেশ্য শিক্ষা কৰ্মীৰ আচৰণ পৰিৱৰ্তন (ভাললৈ) সময় যিমানেই সলনি নহ্ওক সমাজ নিৰ্মাণত শিক্ষকৰ ভূমিকা সদায়েই গুৰুত্বপূৰ্ণ হৈ থাকিব। আধ্যাত্মিক দিশৰ পৰাও সফলভাবে শিক্ষাগ্ৰহণ গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু বিষয়টোৰ প্ৰতি ভক্তি (তপস্যা) সদায়ে তাৎপৰ্যপূৰ্ণ।