‘ মুম্বাই মোৰ ভেলেণ্টাইন ‘- দেৱীকা বৰপূজাৰী

pc. times now

‘ মুম্বাই মোৰ ভেলেণ্টাইন ‘

দেৱীকা বৰপূজাৰী,

মুম্বাই

প্ৰেম নো কি আচলতে, যিহৰ প্ৰতি আসক্ত, মোৰ বাবে সেয়াই প্ৰেম। ৰাতিপুৱা শুই উঠি বাহিৰৰ পৰা দেখা নীলা, ফৰকাল আকাশ, পদূলিৰ শেৱালি জোপাৰ মিঠা সুবাস আৰু মোৰ চোতালত উমলি জামলি থকা মেকুৰীৰ আঠ জনীয়া পৰিয়ালটো চাই যি আনন্দৰ অনুভৱ হয়, সেয়াই মোৰ বাবে প্ৰেম !

অসমৰ পৰাই হওক বা বিদেশৰ পৰা হওক, উৰা জাহাজখনে মুম্বাইৰ আকাশত বিচৰণ কৰিবলৈ লোৱাৰ লগে লগে মোৰ মনৰ মাজত যি শিহৰণ উঠে- সেয়াই প্ৰেম- সেয়াই ভেলেণ্টাইন। নহলেনো, চাফ চিকুণ ঠাইৰ পৰা আহি মুম্বাইৰ বাৰিষাৰ বাৰে মিহলি দুৰ্গন্ধ, বাৰে মিহলি ভাষাৰ চিঞৰ বাখৰ, বিমান বন্দৰৰ পৰা ঘৰ পোৱালৈকে থকা ট্ৰেফিক, বাটৰ দাঁতিৰ ‘বৰা পাও ‘, ‘ ভেল পুৰী ‘ ৰ ষ্টল আদিয়ে মোক সোঁৱৰাই- যেনেকুৱাই নহওঁক, যিমান লেতেৰা আৰু জনবহুল হওক, এয়াই মোৰ হেঁপাহৰ চহৰ আৰু এয়াই মোৰ Home..মোৰ
ভেলেণ্টাইন ।
কিমান ডাঙৰ এই মুম্বাই চহৰ, ভাবি অন্ত পোৱা নাযায়। উত্তৰ, পূব, দক্ষিণ, পশ্চিম মুম্বাই
আৰু সিফালে নৱী মুম্বাইৰ বিস্তৰীত এলেকা। মহাৰাষ্ট্ৰ ভাৰতৰ ভিতৰতে চহকী ৰাজ্য, সেইদৰে মুম্বাই ভাৰতৰ ভিতৰতে চহকী চহৰ। কিন্তু, ইয়াৰ জনসাধাৰণৰ easy going মানসিকতা তবধ মানিব লগীয়া। এইখিনিতে মুম্বাইৰ সবাতোকৈ চহকী লোকৰ প্ৰসাদোপম অট্টালিকা আকৌ সেইখিনিতে নীলা প্লাষ্টিক এখনেৰে ঢকা চাহৰ দোকান, য’ত নিয়মীয়া মজদুৰ সকলে পুৱাৰ চাহটোপাৰে নিজকে দিনটোলৈ জীপাল কৰি লয়। অলপ দূৰত শাক পাচলিৰ বজাৰ। ডাঙৰ দোকান, সৰু দোকান- সকলোৱে নিজৰ ভাগে কাম কৰি যায় – নাই কোনো ভেদাভেদ, নাই কোনো খিয়াল। সকলোকে স্বাগতম ; কিদৰে বাৰু এই চহৰৰ প্ৰেমত নপৰাকৈ থাকিব পাৰি ?
ফাইভ ষ্টাৰ হোটেলৰ খানাৰ লগত ফেৰ মাৰিব পৰাকৈ আছে – pao bhaji, bangda fry, vada pao, mutton dhansak, berry pulao, rava masala dosa, pani puri আৰু যে কত কি ! সূৰ্য্য ডুবা চাই চাই মেৰিন ড্ৰাইভত বহি কয়লাৰ চৌকাত পোৰা গোমধানৰ স্বাদ, জুহু বিছৰ কুহিয়াৰ ৰস আৰু ragda pattice,
Bade miya ত মাজৰাতি গাড়ীত বহি খোৱা অপূৰ্ব সো ৱাদৰ ‘কিমা পৰঠা ‘, Crawford market আৰু Linking ৰোড লৈ বজাৰ কৰিবলৈ যোৱা, গেটৱে অফ ইণ্ডিয়া আৰু তাজ হোটেলৰ চমকৰ লগতে সাগৰৰ ঢৌ গণি ভাল লগা- এইবোৰেই যদি ভাল লগাৰ সংখ্যাত পৰে, তেন্তে সেয়াই মোৰ প্ৰেম। তদুপৰি, BKC ৰ ‘ হাই এণ্ড’ ৰেষ্টোৰা সমূহ, মহেশ লাঞ্চ হম ৰ বম্বে ডাক, থাই পেভিলিয়নৰ Tom yum soup
আৰু JW Merriot ৰ sushi …য’তে যি মন যায় খাব পাৰি, জেপত কিমান আছে চাই, সেইমতে গলেই হ’ল। গোটেই সপ্তাহ খোলা, সকলোৰে মুখত মিচিকিয়া হাঁহি !
প্ৰেমত নপৰাকৈ পাৰি নেকি ?
মুম্বাই চহৰে অলফুলকৈ সাৱটি ধৰিছিল লতা মংগেস্কাৰৰ সুৰীয়া কণ্ঠ, ধীৰু ভাই আৰু জে আৰ ডি টাটাৰ দূৰদৃষ্টি, ৰাজ কাপুৰ, দিলীপ কুমাৰ, দেৱনন্দৰ পৰা অমিতাভ বচন আৰু ৱাহিদা ৰহমানৰ পৰা মাধুৰী দীক্ষিতৰ সাৱলীল অভিনয়লৈকে !
সকলো আছে মুম্বাইত । পৰোপকাৰী লোকৰ পৰা ঠগ প্ৰবঞ্চক লৈকে। কাৰ ডীলাৰৰ পৰা কুলী লৈকে।
যিসকলে মুম্বাই ভাল পায় বা বেয়া পায় – কিন্তু এবাৰ আহিলে উভতি যাবলৈ টান পায়। যদিও ইয়াৰ বিভিন্ন মিল বোৰ গুচি ‘মল’ হ’ল, সাগৰৰ মাজত sea link হ’ল, দক্ষিণ মুম্বাইৰ ব্যৱসায়িক কেন্দ্ৰ বেছিভাগেই BKC লৈ আহিল
বান্দ্ৰা ৰ Bandstand, Mount Mary Church লৈ গৈ আজিও কিন্তু সেই একে ভাল লগাই অন্তৰ স্পৰ্শ কৰি যায়।
এই লেখা তেওঁলোকলৈ- যিয়ে নিজক কৈ ভাল পায়, মুম্বাইকাৰ, মুম্বাইৱালা অথবা
Bombayites ! ভেলেণ্টাইন দিনৰ প্ৰেম জনালো মুম্বাই লৈ ।
” There is always some madness in love, but there is also always some reason for madness ”
– Nietzsche -..