মুম্বাই আৰু গুজৰাটীত “তাউতেৰ” তাণ্ডৱ অব্যাহত

মুম্বাই আৰু গুজৰাটীত “তাউতেৰ” তাণ্ডৱ অব্যাহত

বাৰ্ত্তাসেবা-  আৰৱ সাগৰৰ ওপৰেৰে ঘূৰ্ণীবতাহ “তাউতেৰ” তীব্ৰতৰ  ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ লগে লগে মুম্বাই উপকূলৰ পৰা ৪১০ জন লোকৰ সৈতে দুটা বাৰ্জ দিশহাৰা হৈ পৰি মুঠ ২৭৩ জন লোক সন্ধানহীন হৈছিল। ইয়াৰে ১৪৬জনক উদ্ধাৰ কৰা হয় যদিও এতিয়াও ১২৭ জনৰ সন্ধান পোৱা নাই। আনহাতে সোমবাৰে সন্ধিয়া মুম্বাইত তাউতেৰ প্ৰভাৱত হোৱা প্ৰবল বৰষুণ আৰু ধুমুহাৰ ফলত গছ-গছনি ভাঙি ২জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।মুম্বাইৰ পিছতে গুজৰাটত উপকূলৰ সৌৰাষ্ট্ৰৰ দিউ আৰু উনাৰ মাজত তাউতেই খুন্দা মাৰে। ফলত গুজৰাট উপকূলত প্ৰচণ্ড বৰষুণ আৰু ধুমুহাই কোবাই যায়।