মুম্বাইৰ প্ৰথম সাৰ্বজনীন দুৰ্গা পূজা – দেৱীকা বৰপূজাৰী

PC - Dhaka Tribune

মুম্বাইৰ প্ৰথম সাৰ্বজনীন দুৰ্গা পূজা

মুম্বাইত অসম ভৱন স্থাপন হোৱাৰ বহু বছৰেই হ’ল।এই ভৱনটোৰ ইঞ্জিনিয়াৰিং দিশ সমূহ চোৱাচিতা কৰিবলৈ ত্ৰিনয়ন সন্দিকৈক অসম চৰকাৰে আবাসিক অভিযন্তা ৰূপে ২০০১ চনত নিযুক্তি দিছিল আৰু এওঁৱেই মুম্বাইৰ অসম ভৱনত নিযুক্তি পোৱা অসম চৰকাৰৰ প্ৰথমজন চৰকাৰী বিষয়া। ২০০১ চনত মুম্বাইলৈ অহা সন্দিকৈয়ে সেই তেতিয়াৰ পৰাই নিজৰ চৰকাৰী কোৱাৰ্টাৰতেই ন দিনীয়াকৈ প্ৰতি বছৰে নৱৰাত্ৰি দুৰ্গা পূজা পাতি আহিছে। সেই সময়ত মুম্বাইত অসমীয়া দূৰ্গাপূজা নাছিল, গতিকে অসমীয়া মানুহবোৰে বঙালী মানুহবোৰে পতা দূৰ্গাপূজা সমূহত ভিৰ কৰিছিল আৰু সেই সময়ত মুম্বাইৰ ফিল্ম ডিভিজনত কাম কৰা চিন্ময় চক্ৰৱৰ্তী আৰু পত্নী ৰাগিনী চক্ৰৱৰ্তীও নৱী মুম্বাইত বেংগলী এছোচিয়েচনে পতা পূজালৈ প্ৰতি বছৰেই আহিছিল । তেওঁ পূজা চাবলৈ আহিলে প্ৰতিবাৰেই সন্দিকৈৰ ঘৰত পতা পূজা ভাগত সেৱা এটি জনাই কৈছিল ” হেণ্ডিক, আমি অসম ভৱনতেই এখন সাৰ্বজনীন অসমীয়া দূৰ্গাপূজা পাতিব পাৰিলে ভাল আছিল ।” কিন্তু দূৰ্গাপূজা এভাগ পতা ইমান সহজ কথা নহয়। ইমান দিনে বন্ধ হৈ থকা ভৱনটো ২০০৪ চনত ৰাইজৰ বাবে মুকলি কৰি দিছিল আৰু সেই সময়ত দেৱাশীৰ্ষ শৰ্মাই সহকাৰী আবাসিক আয়ুক্ত হিচাপে চাকৰিত যোগদান কৰিছিল আৰু তেওঁ বৰ উদ্যমী লোক। ২০০৬ চনত এদিন সন্দিকৈয়ে শ্ৰীশৰ্মাৰ লগত অফিচত কিবা আলোচনা কৰি আছিল আৰু কথাৰ মাজতে সন্দিকৈয়ে কৈছিল ” দাদা,অসম ভৱনতো অসমীয়া ৰাইজৰ বাবে এখন দুৰ্গা পূজাৰ আয়োজন কৰিব নোৱাৰি নে? ” এই কথাষাৰ সন্দিকৈয়ে কবলৈহে পালে লগে লগেই সকলো কথাতে আগ্ৰহী শৰ্মাই কলে ‘ কিয় নোৱাৰি’ ? লগতে শৰ্মাই ইয়াকো কলে যে ” মই দুৰ্গা পূজাৰ বিধি একোকে নাজানো, হেণ্ডিক আপুনি আগবাঢ়ক আৰু টকা পইচাৰ বাবে চিন্তা কৰিব নালাগে। ” । সেই দিনাই সন্ধিয়া সন্দিকৈয়ে তেওঁৰ সমাজ সেৱিকা, ইঞ্জিনীয়াৰ পত্নী কবিতা আৰু জী ৰচনীক লগত লৈ নিউ মুম্বাইৰ ৱাচীৰ চেক্তৰ ৭ ত থকা কালী মন্দিৰ পালেগৈ। তাত গৈ মন্দিৰৰ পূজাৰী সন্দ্বীপন বাবুৰ লগত কথা পাতি গম পালে যে প্ৰায় ২২,০০০ মান টকা হলেই দুৰ্গাপূজা ভাগ পাতিব পাৰিব । লগে লগেই দেৱাশীৰ্ষ শৰ্মাই কামত লাগি গল আৰু সেই সময়ত দিল্লীত কাৰ্য্যবাহী অভিযন্তা হিচাপে কৰ্মৰত অসম হাউচৰ ইঞ্জিনীয়াৰ ৰত্নেশ্বৰশইকীয়াই – প্ৰতিমাৰ বাবে দহ হাজাৰ টকা আগবঢ়ায়। প্ৰথম দিনা হোৱা মিটিংখনত বিমল লহকৰ, চিন্ময় চক্ৰৱৰ্তী, দেৱাশীৰ্ষ শৰ্মা, ত্ৰিনয়ন সন্দিকৈ,কিশোৰ কলিতা আৰু নয়ন গোস্বামী উপস্থিত আছিল। যদিও প্ৰথমে সিদ্ধান্ত লোৱা হৈছিল যে কোনো কমিটি গঠন কৰা নহয় কিন্তু পাছত কাৰিকৰী দিশলৈ চাই চিন্ময় চক্ৰৱৰ্তীক সভাপতি আৰু দেৱশীষ শৰ্মাক সাধাৰণ সম্পাদক,ত্ৰিনয়ন সন্দিকৈক যুটীয়া সম্পাদক , কিশোৰ কলিতা কোষাধ্যক্ষ হিচাপে লৈ এখন কমিটি গঠন কৰা হয়। পূজাভাগত গুৱাহাটীৰ বস্ত্ৰ ব্যৱসায়ী জগন্নাথ শৰ্মাই ভালেখিনি সহায় সহযোগ আগবঢ়াইছিল আৰু প্ৰতিমাক আমাৰ অসমীয়া মেখেলা চাদৰ আৰু মহিষাসুৰকো ধুতি পঞ্জাৱী পিন্ধোৱা হৈছিল। তদুপৰি, গুৱাহাটীৰ পৰা শ্ৰীমা কামাখ্যা দেৱীৰ মন্দিৰৰ মাটি , পানী আৰু ৰঙা কাপোৰ অনা হৈছিল। বহু বঙালী লোকো এই পূজালৈ আহি ঘৰুৱা অনুভৱ কৰিছিল। প্ৰথম পূজা বুলি অতি সুন্দৰকৈ নৱমীৰ কুমাৰী পূজা আৰু লক্ষ্মী পূজাও পতা হৈছিল। পূজাৰ ভোগ হিচাবে সকলোকে খিচিৰি, লাবৰা, বিলাহীৰ অম্বল আৰু ক্ষীৰ খুওৱা হৈছিল। ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে অসম ভৱনৰ প্ৰাংগণত নিয়মীয়াকৈ দুৰ্গাপূজা ভাগ অসমীয়া ৰাইজে অনুষ্ঠিত কৰি আহিছে।
বহু দূৰ দূৰণিত থকা মুম্বাইৰ অসমীয়া লোক নিউ মুম্বাইৰ পূজালৈ আহিছিল।সেইকেইটা দিন গধূলি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। স্থানীয় লোকৰ গীত , নৃত্য, ত্ৰিনয়নৰ গীটাৰ বাদনৰ উপৰিও পূজাৰ অনুষ্ঠান লৈ জুবিন গাৰ্গ, সঙ্গীতা কাকতি, জিতুল সোণোৱাল, কুইন দাস আহি সংগীত পৰিবেশন কৰি সকলোকে আনন্দিত কৰিছিল। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও এই পূজাভাগত আহি পূজাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল।এইবাৰ পূজাত অসমৰ দীক্ষু কো গীত গাবলৈ আমন্ত্ৰণ কৰা হৈছে।

দেৱীকা বৰপূজাৰী
মুম্বাই