মুম্বাইত আৱাসিক অট্টালিকা খহি পৰাৰ ফলত ১১ জন নিহত

মুম্বাইত আৱাসিক অট্টালিকা খহি পৰাৰ ফলত ১১ জন নিহত

মুম্বাইৰ মালাড উপনগৰৰ মালৱানী অঞ্চলত এটা আৱাসিক ঘৰৰ গাঁথনি খহি পৰাৰ ফলত ১১ জন লোকৰ মৃত্যু হয় আৰু ৭ জন আহত হৈছিল।ধাৰাসাৰ বৰষুণৰ বাবে যোৱা নিশা প্ৰায় ১১ বজাত মাটিৰ লগতে দুটা গাঁথনি খহি পৰিছিল।আহতসকলক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকল ঘটনাস্থলীলৈ দৌৰি গৈছিল আৰু স্থানান্তৰ অভিযান চলাইছিল।