মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ তিনি স্থানত ফুটব্ৰীজ মুকলি কৰে

অনলাইন বাৰ্ত্তাসেৱা- আজি মহানগৰীৰ তিনি স্থানত ফুটব্ৰীজ মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমতে ১০ কোটি ৩৮ লাখ টকা ব্যয়ৰে নিৰ্মান কৰি উলিওৱা আদাবাৰী ফুটব্ৰীজখন মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতেই ৯ কোটি ৭০ লাখ ৫০ হাজাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা বৰীপৰা মালিগাঁও ফুটব্ৰীজ মুকলি কৰে মুখ্যমন্ত্ৰী শৰ্মা। দুয়োখন ফুটব্ৰীজ মুকলি কৰাৰ পাছত ৭৯৮.০৪ টকা খৰচ কৰি শুক্ৰেশ্বৰত নিৰ্মান কৰা ফুটব্ৰীজ খনো মুকলি কৰা হয়। তদুপৰি, দীপাৱালীৰ দিনা মুকলি কৰা হ’ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুখন।