মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল

pc News Live TV.jpg

অনলাইন বাৰ্ত্তাসেৱা – সংবাদ মেলৰ জৰিয়তে কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত এটা নতুন বিভাগৰ আৰম্ভ। জনজাতীয় লোকৰ বাবে এটা নতুন বিভাগৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। সেই অনুসৰি খিলঞ্জীয়া ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি বিভাগ নামেৰে এটা নতুন বিভাগ গঠন কৰা হ’ব। আনহাতে প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ’ব ষ্টেণ্ডিং ফাইনেন্স কমিটীৰ বৈঠক। ২ কোটিৰ তলৰ আঁচনিত বিভাগীয় মন্ত্ৰীক অনুমোদন জনোৱাৰ কৰ্তৃত্ব প্ৰদান কৰা হৈছে আজিৰ কেবিনেট বৈঠকত। ৫ ৰ পৰা ১০০ কোটি টকাৰলৈকে আঁচনিত ষ্টেণ্ডিং কমিটীৰ অনুমোদনৰ কৰ্তৃত্ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলৰ জৰিয়তে এই ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুমাহ সম্পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত হৈছিল বিশেষ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকতে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ।