মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব সৰ্মাৰ নেতৃত্বত অনুস্থিত তৃতীয়খন কেবিনেট বৈঠক, লোৱা হ’ল বহুোতা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

PC India TodayPC India Today

অনলাইন বাৰ্ত্তাসেৱা – আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসম চৰকাৰৰ তৃতীয় খন কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত গ্ৰহণ কৰা হয় বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াৰ সৈতে অসম চৰকাৰৰ মুখপাত্ৰ হিচাপে মাননীয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু পীযুষ হাজৰিকাই এক সংবাদমেল সম্বোধন কৰে।
আজিৰ এই বৈঠকখনৰ দ্বাৰা গ্ৰহণ কৰা বিশেষ সিদ্ধান্ত সমূহ তলত দিয়া হ’লঃ-

১)অসম চৰকাৰৰ নিজস্ব উদ্যোগত প্ৰতি বছৰে ১ জন ব্যক্তিক অসম ৰত্ন, ৩ জনক অসম বিভূষণ, ৫ জনক অসম ভূষণ , ১০ জনক অসমশ্ৰী সন্মান দিয়াৰ সিদ্ধান্ত। লগতে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ ওপজা দিনৰ দিনা তথা ৭ ডিচেম্বৰ তাৰিখে সাহিত্য ক্ষেত্ৰৰ বঁটা সমূহ(সাহিত্য পেঞ্চনকে আদি কৰি), অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ওপজা দিনা ক্ৰীড়া ক্ষেত্ৰৰ বঁটা আৰু “শিল্পী দিৱস”ৰ দিনা সাংস্কৃতিক ক্ষেত্ৰৰ বঁটা সমূহ চৰকাৰে প্ৰদান কৰিব। বঁটা প্ৰদানৰ ৭ দিন পূৰ্বে এই বঁটা সমূহ ঘোষণা কৰা হ’ব।

২) ঐতিহাসিক বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পৰ লগত সংযোজিত কৰিবৰ বাবে অতিৰিক্ত প্ৰায় ৩৫ বিঘা মাটিৰ আবণ্টন। অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত বিমল বৰাদেৱক এই প্ৰকল্প মাহেকত এবাৰ পৰিদৰ্শন কৰিবৰ পৰামৰ্শ।

৩) প্ৰাকৃতিক দুৰ্যোগ (বিশেষকৈ বানপানী)ত ক্ষতিগ্ৰস্ত কোনো অনুষ্ঠান তৎকালীনভাৱে পুনঃনিৰ্মাণৰ বাবে জিলাৰ উপায়ুক্তক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান। উপায়ুক্তৰ লগত পৰ্যালোচনা কৰিব অভিভাৱক মন্ত্ৰীয়ে।

৪)অহা ১২ জুলাইৰ পৰা নৱনিৰ্বাচিত অসম চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ।

৫)অসমৰ সকলোবোৰ চৰকাৰী কাৰ্য্যালয়ত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ আলোকচিত্ৰ লগোৱাৰ সিদ্ধান্ত।

৬) ছিপাঝাৰ সমষ্টিৰ গৰুখুটিৰ চৰকাৰী ভূমি খেতিৰ উপযোগী কৰাৰ বাবে এখন কৃষি পৰ্যালোচনা কমিটী গঠন। এই সমিতিৰ সভাপতিৰ দায়িত্ব বিধায়ক পদ্ম হাজৰিকা দেৱক অৰ্পণ কৰাৰ লগতে সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু পৰমানন্দ ৰাজবংশীক সমিতি খনৰ দায়িত্ব প্রদান কৰা হয়।

৭)কয়লা চিণ্ডিকেটৰোধৰ বাবে পৰীক্ষামূলক ভাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিত্তমন্ত্ৰী, পৰিৱহন মন্ত্ৰীৰ পৰ্যবেক্ষণত অহা ৩১ মাৰ্চলৈ বৰাকভেলীৰ দীঘৰখাম, শ্ৰীৰামপুৰত কয়লা ট্ৰাক সমূহৰ জোখ-মাখ লোৱা হ’ৱ যাতে কোনো ট্ৰাকে অতিৰিক্ত কয়লা বহন কৰি চলাচল কৰিব নোৱাৰে। আনহাতে ছাগলীয়া গেটেৰে এতিয়াৰ পৰা কোনো কয়লাৰ ট্ৰাক অহা-যোৱা কৰিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।