মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো জন্মদিন

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো জন্মদিন

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰীৰ জন্মদিন।৫৩ বছৰত ভৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী হিচাপে এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো জন্মদিন।৫৩ সংখ্যক জন্মদিনত মুখ্যমন্ত্ৰীক শুভেচ্ছা বিভিন্নজনৰ।নিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত ভিৰ অনুৰাগী, নেতা-কৰ্মীৰ।অনুৰাগীৰ সৈতে কেক কাটিলে মুখ্যমন্ত্ৰীয়ে। জন্মদিনৰ দিনা সমগ্ৰ ৰাজ্যত বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ জন্মদিন পালন কৰা হয়৷ উল্লেখযোগ্য যে,১৯৬৯ চনৰ  ১ ফেব্ৰুৱাৰীৰ দিনা জন্ম হৈছিল হিমন্ত বিশ্ব শৰ্মা।১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে।তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল।তেওঁ কটনৰ পৰা ১৯৯০ চনত ৰাজনীতি বিজ্ঞানত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে।হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।তেওঁ ১৯৯৬ৰ পৰা ২০০১ লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্ম জীৱন আৰম্ভ কৰিছিল।তেওঁ ৰিণিকি ভূঞাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু নন্দীল আৰু সুকন্যা তেওঁলোকৰ সন্তান।তেওঁ অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা ২০০১ চনৰ পৰা ২০১৫ চনলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ২০১৬ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক নিৰ্বাচিত হয়।২০১৫ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বাীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে।২০১৬ত সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাত বিত্ত মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰী ৰূপে কাৰ্যভাৰ চম্ভালি ২০২১ চনত অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰে।অসমৰ ৰাজনীতিৰ চাণক্য ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী শৰ্মাই।কেৱল অসমৰে নহয় উত্তৰপূৱৰ ৰাজনীতিৰ মেৰুদণ্ডস্বৰূপ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা।