মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক ৰেগিং কঠোৰ হাতেৰে দমন কৰিবলৈ অনুৰোধ 

মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীক ৰেগিং কঠোৰ হাতেৰে দমন কৰিবলৈ অনুৰোধ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰেগিঙৰ কবলত পৰি ফুলকুমলীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ ছাত্ৰলৈকে দিক বিদিক হেৰুৱাই পেলাইছে । সমগ্ৰ শিক্ষা জগতখনত একাংশ ছাত্ৰৰ মাতব্বৰিতাৰ বাবে এচাম সৎ-অমায়িক ছাত্ৰৰ সমগ্ৰ জীবনটো ধ্বংশৰ মুখলৈ গুচি যায় । আমাৰ হাতত পৰা তথ্য মতে – ধিঙ নবোদয়ৰ এজন ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই ৰেগিঙৰ কবলত পৰি অৱশেষত শিক্ষানুষ্ঠান সলনি কৰিব লগাত পৰিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ৰেগিঙৰ কবলত পৰি বিদ্যাৰ্থী ভৰ্তি হৈছে চিকিৎসালয়ত । কিমান দুৰ্ভাগ্যজনক ঘটনা ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডত এটি ছাত্ৰ সংগঠন “ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম”ৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীৰ দৰে ছাত্ৰ জড়িত হৈ পৰাটো বৰ লজ্জাজনক, পৰিতাপৰ বিষয় । বিশ্ববিদ্যালয়খনৰ ভুক্তভোগী এজন ছাত্ৰ আনন্দ শৰ্মাই আৰু চিকিৎসাধীন অৱস্থাতে বিশ্ববিদ্যালয় ভয়ংকৰ ৰেগিং কাণ্ডত সাধাৰণ সম্পাদকক জগৰীয়া কৰিছে । ই সমগ্ৰ শিক্ষানুষ্ঠানখনৰ লগতে ৰাজ্যখনৰ ছাত্ৰ সমাজৰ বাবে বৰ দুৰ্ভাগ্যজনক । পৰিতাপৰ বিষয় । লজ্জাৰ বিষয় ——– আজি এনেদৰে এক প্ৰেছ বিজ্ঞপ্তিত কয় “বহুভাষিক সাহিত্য মঞ্চ, অসম” চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই । সাহিত্য-সংস্কৃতিনুষ্ঠান বহুবাকৰ প্ৰধান সম্পাদক শ্ৰীশৰ্মাই ৰেগিঙৰ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি কয়- “ৰেগিং কাণ্ডত জড়িত কোনো যাতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ প্ৰদক্ষেপ ল’ব লাগে চৰকাৰে । এয়াই নহয়– ৰেগিঙত জড়িত ছাত্ৰ-ছাত্ৰী দোষি সাব্যস্ত হ’লে সমগ্ৰ পৰিয়ালটোক সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে । ইয়াৰোপৰি , চৰকাৰী চাকৰি যাতে নাপায় তাৰো ব্যৱস্থা কৰিব লাগে ।” বহুবাকৰ প্ৰধান সম্পাদক গৰাকীয়ে আৰু কয়— “মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে ৰেগিং কঠোৰ হাতেৰে দমন কৰিব লাগিৱ — আমাৰ প্ৰধান দাবী । ডিব্ৰুগড়ৰ ঘটনাটোৱে শেষ ঘটনা হওক- তাৰো ব্যৱস্থা কৰিব লাগে -গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে । কোনোৱেও যাতে শিক্ষা জগতত অন্ধকাৰময় পৰিবেশ সৃষ্টি কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰিব লাগে ।” ৰেগিং কঠোৰ হাতেৰে দমনৰ লগতে ডিব্ৰুগড় কাণ্ডত জড়িত প্ৰতিজনকে কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ ড‍০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মিন্দ্ৰ সিংহ, গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা, তিৱা সাহিত্য সভাৰ উপ-সভাপতি শৰৎ চন্দ্ৰ পাটৰ আমচি, নেপালী সাহিত্য সভাত উপ-সভাপতি নিৰু শৰ্মা পৰাজুলী, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসীম গগৈ, মানুহ আৰু পৰিবেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ ব্ৰহ্ম – সম্পাদক গোলাপ বড়ো, “আজিৰ কবিতা”ৰ সম্পাদক বিনয় চলিহা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম জাতীয়তাবাদী যুব পৰিষদ, পৰাগজ্যোতি প্ৰকাশন আদি ভিন-ভিন দল-সংগঠনে । প্ৰতিটো দল-সংগঠনে একেমুখে কয় যে — মুখ্য মন্ত্ৰী মহোদয়ে অতিশীঘ্ৰে ৰেগিং নাইকীয়া কৰা ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা কৰিব লাগে ।