মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত হাইলাকান্দিত চাহ শ্ৰমিকক জব কাৰ্ড প্ৰদান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

pc Facebook
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত হাইলাকান্দিত চাহ শ্ৰমিকক জব কাৰ্ড প্ৰদান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰমুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত হাইলাকান্দিত চাহ শ্ৰমিকক জব কাৰ্ড প্ৰদান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ
অনলাই বাৰ্ত্তাসেৱা – মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ উদ্যোগত চাহ বাগিছাৰ ব্যক্তি সকলকো জব কাৰ্ড দিয়াৰ কাৰণে নিৰ্দেশ দিয়াৰ লগতে হাইলাকান্দি জিলা প্ৰশাসনক চাহ বাগানৰ বিনা বেতনধাৰী শ্ৰমিকসকলক MGNREGA ৰ সৈতে জব কাৰ্ড সংযুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হয়। সেই নিৰ্দেশৰ আধাৰতে হাইলাকান্দি জিলা প্ৰশাসনে হাইলাকান্দি জিলাৰ অন্তৰ্গত চাহ বাগান সমূহৰ বিনা বেতনধাৰী শ্ৰমিক সকলক জব কাৰ্ডৰ সৈতে সংযুক্ত কৰিছে। তেওঁলোকক আগন্তুক দিনত ১০০ দিনৰ কাম দিলে প্ৰায় ২০,০০০ ৰ পৰা ২৫,০০০ টকা পৰ্যন্ত আয় কৰিব পাৰিব ৷ হাইলাকান্দিত বহুকেইজন এনে চাহ শ্ৰমিকক এই জব কাৰ্ড প্ৰদান কৰি অতি আনন্দিত বুলি প্ৰকাশ কৰে মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।