মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৱিত্ৰ ঈদ-উজ-জোহা উপলক্ষে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জনায়

pc-The Indian express

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৱিত্ৰ ঈদ-উজ-জোহা উপলক্ষে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জনায়

অনলাইন বাৰ্ত্তাসেৱা– ঈদ-উজ-জোহা উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ সমূহ ইছলাম ধমাৱলম্বী জনসাধাৰণক আন্তৰিক শুভে২৬া জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ এক অতি পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা। এই উৎসৱে ত্যাগ, কৰুণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে। ঈদ-উজ-জোহা পালনৰ জৰিয়তে জনসাধাৰণৰ মাজত ঐক্য, শান্তি, সমন্বয় আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কোভিড-১৯ মহামাৰীৰ জটিল সন্ধিক্ষণত পালন কৰা এইবাৰৰ ঈদ-উজ-জোহা উৎসৱত এই দুঃসময়ৰ পৰা সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰাৰ হেতু প্ৰাৰ্থনা কৰাৰ বাবে ইছলামধৰ্মী জনসাধাৰণক আহ্বান জনোৱাৰ লগতে প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়ম সম্পূৰ্ণভাৱে মানি এই উৎসৱ পালনৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

(R.T)