মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্তত উৎফুল্লিত সদৌ অসম মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থা

p.c.The Economic Times

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্তত উৎফুল্লিত সদৌ অসম মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থা

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত ১২ জানুৱাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি, জানিব পৰা মতে, শিক্ষা বিভাগৰ অধীনত মহাবিদ্যালয়সমূহৰ ৫২৪ টা চতুৰ্থ বৰ্গৰ পদসমূহ পূৰণ কৰা হ’ব আগন্তক ১০ মে’ৰ ভিতৰত। এই সন্দৰ্ভত সদৌ অসম মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ পাটগিৰিয়ে সংবাদ মাধ্যমৰ আগত কয়, “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তত সদৌ অসম মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থবৰ্গৰ কৰ্মচাৰী সন্থা আনন্দিত। লগতে এটা অনুৰোধ যে, আমাৰ দীৰ্ঘদিনৰে পৰা মৰকল হৈ থকা, অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰীসকলক কোনো ধৰণৰ পাৰচেন্টেজৰ ওপৰত ভিত্তি নকৰাকৈ, বিনাচৰ্তে আমাৰ পদসমূহ নিয়মীয়াকৰণ কৰে যেন। বিগত ১৫ বছৰেই আমাৰ সমস্যা সমূহ কোনোদিনেই গুৰুত্ব সহকাৰে গ্ৰহণ কৰা নাছিল পূৰ্বৰ চৰকাৰসমূহে । যাৰ ফলত আজিও আমি দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিব লগা হৈছে । আৰ্থিক অনাটনৰ ফলত বহু দুৰ্বিসহ হৈ পৰিছে আমাৰ জীৱনৰ আগন্তুক সময়চোৱা। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত আমাৰ সমস্যাসমূহ সমাধান হোৱাৰ পথত। ১২ জানুৱাৰীত অনুষ্ঠিত কেবিনেট বৈঠকে ইয়াৰ এক ইতিবাচক ইংগিত প্ৰদান কৰে বুলি জানিবলৈ দিয়ে সদৌ অসম মহাবিদ্যালয় অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ পাটগিৰিয়ে । লগতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তত, প্ৰণৱ পাটগিৰিয়ে আনন্দ প্ৰকাশ কৰি কয় যে, “ইংৰাজী নৱবৰ্ষৰ পবিত্ৰ ক্ষণত আৰু ভোগালী বিহুৰ পবিত্ৰ সময়তেই দুৰ্ভগীয়া আৰু বয়সে ভাটি দিয়া মহাবিদ্যালয়সমূহৰ অমঞ্জুৰীকৃত চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বাবে আহিছে এক আশাৰ ৰেঙনি ।”